ইজৰাইলে গাজাত গণহত্যা সংঘটিত কৰিছে, আন্তঃৰাষ্ট্ৰীয় আদালতত দক্ষিণ আফ্ৰিকাৰ গোচৰ ৰুজু

ইজৰাইলে গাজা ষ্ট্ৰিপত গণহত্যা সংঘটিত কৰিছে। এই অভিযোগত দক্ষিণ আফ্ৰিকাই আন্তঃৰাষ্ট্ৰীয় আদালতত গোচৰ তৰিছে । তেওঁলোকে গণহত্যা চুক্তিৰ অধীনত ইজৰাইলৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা উলংঘা কৰিছে। এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ত গোচৰৰ শুনানি গ্ৰহণ কৰা উচিত। অৱশ্যে ইজৰাইলে দাবী কৰিছে যে এই অভিযোগ সম্পূৰ্ণ ভিত্তিহীন। সেই দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে দক্ষিণ আফ্ৰিকাৰ এই অভিযোগ অতি অপমানজনক। মন কৰিব যে আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় হৈছে ৰাষ্ট্ৰসংঘৰ মূল আইনী সংস্থা। এই আদালতে সদস্য ৰাষ্ট্ৰসমূহৰ মাজত হোৱা আইনী বিবাদ নিষ্পত্তি কৰে আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়সমূহৰ ওপৰত পৰামৰ্শমূলক মতামত প্ৰদান কৰে।

AssamAssamese NewsDaily time axomGuwahatiIndiaNew DelhiWorld
Comments (0)
Add Comment