যদি বিচ্ছেদ হয় তেন্তে ঐশ্বৰ্য ৰায় বচ্চন আৰু আৰাধ্যা বচ্চনৰ ভৱিষ্যত কি হ’ব ? তেওঁলোকে বচ্চন পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰিবনে?
অভিষেক-ঐশ্বৰ্য ৰায় বচ্চনৰ এতিয়া সম্পৰ্ক ভাল নহয়। এই খবৰ বিয়পি পৰাত এই প্ৰশ্ন উঠিছে এতিয়া অনুৰাগী মহলত। এই বিষয়ে তেওঁলোক যথেষ্ট চিন্তিত।
শেহতীয়াকৈ সেইটোৰ উত্তৰো পাইছে। এজন Reddit ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে । য’ত ডুবাইত ঐশ্বৰ্য ৰায় বচ্চনৰ অফ শ্ব’ৰ একাউণ্টৰ সবিশেষ দেখুওৱা হৈছিল। এসময়ত এই একাউণ্টটো এটা ব্যৱসায়িক সংস্থাৰ সৈতে জড়িত আছিল। নাম এএমআইচি পাৰ্টনাৰ্ছ লিমিটেড। যিটো ২০০৯ চনত বন্ধ হৈছিল। ভিডিঅ’টোত দেখা গৈছে যে ঐশ্বৰ্যৰ বাহিৰেও মাতৃ বৃন্দা ৰায় আৰু ভাতৃ আদিত্য ৰায়কে ধৰি আন তিনিজন সংগঠনৰ সৈতে জড়িত আছিল। লগতে অভিনেত্ৰীগৰাকীৰ আমষ্টাৰডামৰ এবিএন এএমআৰঅ’ বেংক একাউণ্টত যথেষ্ট পৰিমাণৰ জমা ধন আছে। যদিও ভিডিঅ’টোৰ সত্যতা সন্দেহজনক, তথাপিও ছ’চিয়েল মিডিয়াত ইতিমধ্যে এই চেটটো ভাইৰেল হৈ পৰিছে।