Daily Time Axom

কানাডাৰ কুখ্যাত গেংষ্টাৰ লখবীৰক ভাৰতৰ সন্ত্ৰাসবাদী ঘোষণা

0 50

ভাৰতে কুখ্যাত গেংষ্টাৰ লখবীৰ সিং লাণ্ডা (৩৩)ক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰে। ২০২১ চনত লখবীৰে পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ মহলীৰ মুখ্য কাৰ্যালয়ত ৰকেট আক্ৰমণ চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আন আন সন্ত্ৰাসবাদী কাৰ্যকলাপতো জড়িত থকাৰ অভিযোগ।
প্ৰসংগক্ৰমে লখবীৰৰ জন্ম হৈছিল ভাৰতত। ১৯৮৯ চনত পঞ্জাৱৰ তৰণ তৰণ জিলাত জন্মগ্ৰহণ কৰিছিল। ২০১৭ চনত তেওঁ কানাডালৈ পলায়ন কৰে। লখবীৰ বাব্বৰ খালছা ইণ্টাৰনেশ্যনেল নামৰ এটা কুখ্যাত খালিস্তানী গোটৰ সদস্য আছিল। কুখ্যাত পাকিস্তানী গেংষ্টাৰ হৰবিন্দৰ সিং ওৰফে ৰিণ্ডাৰ সৈতেও লেণ্ডাৰৰ ঘনিষ্ঠ যোগাযোগ আছিল। গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই কুখ্যাত সন্ত্ৰাসবাদী লখবীৰ কেৱল মোহালীৰ ৰকেট আক্ৰমণতেই নহয়, আন কেইবাটাও সন্ত্ৰাসবাদী কাৰ্যকলাপতো জড়িত আছিল। বিশেষকৈ পঞ্জাৱত বিভিন্ন উগ্ৰপন্থী কাৰ্যকলাপৰ সময়ত এই কুখ্যাত উগ্ৰপন্থীয়ে দেশৰ বাহিৰৰ পৰা গোলাবাৰুদ যোগান ধৰিছিল বুলি অভিযোগ আছে। লকবীৰৰ বিৰুদ্ধে উগ্ৰপন্থী কাৰ্যকলাপ, ধন দাবী, হত্যা, বোমা ৰোপণ, অস্ত্ৰ-শস্ত্ৰ, ড্ৰাগছ সৰবৰাহকে ধৰি কেইবাটাও অভিযোগ উত্থাপন হৈছে।

Leave A Reply

Your email address will not be published.