জামুগুৰিহাটৰ কুসুমটোলাস্থিত অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান অমৃতোপম প্লাবিক স্কুলৰ ১১ সংখ্যক বিদ্যালয় সপ্তাহ সমাৰোহৰ যোৱাকালি পুৱাৰ পৰাই আৰম্ভ হয় ৷ এই উপলক্ষে পুৱা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰ ৰঙা ফিটা কাটি শুভ উদ্ধোধন কৰে বৰিগাঁৱৰ গাঁওপ্ৰধান তথা অমৃতোপম প্লাবিক স্কুলৰ উপ সভাপতি সৰ্বানন্দ নাথে ৷ অমৃতোপম প্লাবিক স্কুলৰ অধ্যক্ষ দুলাল মাহালিৰ নেতৃত্বত উলিওৱা বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্ৰাত পুৱা বিদ্যালয়খনৰ শতাধিকোৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰি বিদ্যালয়ৰ পৰা কুসুমটোলা ব্যৱসায় কেন্দ্ৰলৈকে পৰিভ্ৰমণ কৰে ৷ তাৰপিছতে অনুষ্ঠিত হয় বিভিন্ন প্ৰতিযোগিতাসমূহৰ লগতে অমৃতোপম প্লাৱিক স্কুল শীৰ্ষক এটি গীত মুকলি কৰে । আজি পুৱাৰে পৰাই অনুষ্ঠিত চিত্ৰাংকন ৱাল পেইন্টিং আদি বিভিন্ন প্ৰতিযোগিতা সমুহৰ পিচতে প্ৰাচীৰ পত্ৰিকাৰ লগতে প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰি মূল সভা উদ্ধোধন কৰে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষয়িত্ৰী ৰুবী হাজৰিকাই ৷