Daily Time Axom

দেশৰ দুয়ো মূৰত সংঘটিত পথ দুৰ্ঘটনাত ৭ জন লোকৰ মৃত্যু, ৭৪ জন আহত

0 42

দেশৰ দুয়ো মূৰত সংঘটিত দুটা পথ দুৰ্ঘটনাত মুঠ ৭ জন লোকৰ মৃত্যু হয়। আহতৰ সংখ্যা মুঠ ৭৪ জন। প্ৰথমটো দুৰ্ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ ৰায়গড়ৰ তাম্হিনী ঘাট অঞ্চলত। তাত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু। আহত ৫৫ জন। আজি শনিবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা। সেই অঞ্চলত হঠাতে এখন যাত্ৰীবাহী বাছ বাগৰি পৰে। মুঠ যাত্ৰী আছিল ৬০ জন। আহতসকলক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল? আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

আনটো দুৰ্ঘটনা সংঘটিত হৈছে তামিলনাডুৰ পুড্ডুকোট্টাইত। সেই দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু হয়। আহত হয় ১৯জন । আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। আৰক্ষীৰ সূত্ৰ অনুসৰি আজি শনিবাৰে কাকভোৰত তীব্ৰ বেগেৰে আহি আছিল এখন ট্ৰাক। নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ চাহৰ দোকানত খুন্দা মাৰে। যাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। এই তথ্য লাভ কৰি দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী।

Leave A Reply

Your email address will not be published.