Daily Time Axom

পত্নীৰ সৈতে পৰ্ণ ভিডিঅ’ বনোৱাৰ বাবে চাকৰিৰ পৰা বৰ্খাস্ত আমেৰিকান বিশ্ববিদ্যালয়ৰ চ্যান্সেলৰক

0 123

আমেৰিকাৰ উইচকনচিন ষ্টেট ইউনিভাৰ্চিটিৰ আচাৰ্য জো গ’ৱে পত্নীৰ সৈতে পৰ্ণ ভিডিঅ’ বনাই নিয়মিতভাৱে ৱেবছাইটত আপলোড কৰিছিল। সেই ভিডিঅ’টোৰ লিংকটো তেওঁ নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰিছিল। ইয়াৰ বাবেই তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলগীয়া হৈছিল। খবৰ আহিছে যে ইউনিভাৰ্চিটি অৱ উইচকনচিন ব্যৱস্থাৰ ব’ৰ্ড অৱ ৰিজেণ্টছে সৰ্বসন্মতিক্ৰমে চ্যান্সেলৰ জো গ’ক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ সিদ্ধান্ত লৈছে। ২০০৭ চনৰ পৰা তেওঁ উইচকনচিন-লা ক্ৰছ বিশ্ববিদ্যালয়ৰ নেতৃত্ব দি আহিছে। ১৯৬০ চনৰ পিছত তেওঁ এই পদত সৰ্বাধিক দীৰ্ঘদিনীয়া ব্যক্তি আছিল।

গ’ৰ পত্নী কাৰ্মেন উইলছনকো কামৰ পৰা আঁতৰাই দিয়া হয়। বিশ্ববিদ্যালয়খনে এক বিবৃতিত কয় যে তেওঁৰ এই কাৰ্যত ব’ৰ্ড চিন্তিত আৰু বিচলিত। সেইবাবেই তেওঁক আঁতৰাই দিয়া হ’ল। কিন্তু গ’ আৰু তেওঁৰ পত্নীয়ে কয় যে এই ভিডিঅ’টোৰ বাবে বিশ্ববিদ্যালয়ে তেওঁলোকক আঁতৰোৱাতো ভুল সিদ্ধান্ত আছিল। এই কাৰ্য্যই তেওঁলোকৰ বাক স্বাধীনতা খৰ্ব কৰিছে । শেহতীয়াকৈ এই ভিডিঅ’সমূহ পৰ্ণ ৱেবছাইটত শ্বেয়াৰ কৰাৰ সিদ্ধান্ত লৈছে দম্পতীহালে। কিন্তু বিশ্ববিদ্যালয়ৰ কোনো উল্লেখ নাই তাত। ইউনিভাৰ্চিটি অৱ উইচকনচিন চিষ্টেমৰ সভাপতি জে ৰথমেনৰ মতে গ’ৱে বিশ্ববিদ্যালয়খনৰ সুনাম নষ্ট কৰিছে।

Leave A Reply

Your email address will not be published.