প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুনকৈ নিৰ্মিত অযোধ্যা ষ্টেচন উদ্বোধন কৰে। অনুষ্ঠানত ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথো উপস্থিত থাকে। আজিৰ দিনটোত অযোধ্যা জংচন ৰামৰ মুকুটৰ আকৃতিত সজাই তোলা হৈছিল। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে সেউজ পতাকা উৰুৱাই অযোধ্যাৰ পৰা গন্তব্যস্থানলৈ দুখন ৰে’ল আৰম্ভ কৰে। নীলা-বগা বন্দে ভাৰত আৰু ওচাৰ-এছ অমৃত ভাৰত ৰে’লে যাত্ৰা আৰম্ভ কৰে অযোধ্যা ষ্টেচনৰ পৰা । ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ষ্টেচনৰ বিভিন্ন প্ৰান্ত পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰীয়েও ৰে’লৰ ভিতৰলৈ সোমাই চায়। তাত তেওঁ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে কথা পাতে। ৰে’লৱে কৰ্মচাৰীৰ লগতো কথা পাতে। আজি প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিলে দুখন অমৃত ভাৰত ৰে’ল। পশ্চিম বংগই এই দুখনৰ এখন ৰে’ল লাভ কৰিছে। এই অমৃত ভাৰত ৰে’লখন মালদাৰ পৰা বাংগালুৰুলৈ যাব। ইয়াৰ গতিবেগ প্ৰতি ঘণ্টাত ১৩০ কিলোমিটাৰ। ৪৩ ঘন্টাত মালদাৰ পৰা বাংগালুৰুত উপস্থিত হ’ব অমৃত ভাৰত ৰে’ল। আজিৰ দিনটোতে প্ৰধানমন্ত্ৰীয়ে ৬খন বন্দে ভাৰত আৰু দুখন অমৃত ভাৰত ৰে’ল উদ্বোধন কৰে।