কেন্দ্ৰ-ৰাজ্য আৰু আলফাৰ মাজত স্বাক্ষৰিত শান্তি চুক্তি অৰ্থহীনঃআলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱা

কেন্দ্ৰ-ৰাজ্য আৰু আলফাৰ মাজত স্বাক্ষৰিত শান্তি চুক্তিক লৈ বিভিন্ন সংগঠনে সন্তুষ্টি প্ৰকাশ কৰিছে যদিও একাংশ শিবিৰে ইয়াক সমালোচনা কৰিছে। এই চুক্তিৰ ফলস্বৰূপে বহু লোক বিমোৰত পৰিছে যে ইয়াৰ লাভ কি হ’ব। আলফা স্বাধীনৰ মুৰব্বী পৰেশ বৰুৱাই এই চুক্তিক অৰ্থহীন, হাস্যকৰ বুলি অভিহিত কৰে। তেওঁ কয়, “মই ক্ষুব্ধ নহয়, মোৰ লাজ লাগিছে।” আলফা সন্ধিত সাৰ্বভৌমত্বৰ ওপৰত কোনো শব্দ নথকাটো আচৰিত কথা। CAA ৰ কোনো উল্লেখ নাই। আলফাৰ নিজৰ সংবিধান, পতাকা একো দাবী কৰা হোৱা নাই।” তেওঁ আৰু কয়, “নীতি আৰু আদৰ্শ এৰি আলোচনাত বহিলে ৰাজনৈতিক সমাধান এনেকুৱাই হ’ব।” আনহাতে, আলোচনাপন্থী সমৰ্থক আলফা নেতাসকলক আজি অসমত আদৰণি জনোৱা হয়।

অৱশ্যে চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত ড০ হীৰেন গোহাঁইয়ে এই চুক্তিখন আত্মসমৰ্পণৰ নথি বুলি অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁৰ মন্তব্য, “আলফাৰ শীৰ্ষ নেতৃত্বই ৰাজনৈতিক অপৰিপক্কতা দেখুৱালে।” বিজেপিৰ কাৰ্যসূচী অনুসৰি বনোৱা হয়। কেতিয়াবা এনে লাগে, হিমন্তবিশ্ব শৰ্মাই সৃষ্টি কৰিছিল।” অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে প্ৰশ্ন কৰিছে, “পৰেশ বৰুৱাক বাদ দি আলফা চুক্তিখনে আৰু কিমান শান্তি আনিব।” অখিল গগৈয়ে কয় যে স্বাধীনতাৰ সপোন দেখা আলফা নেতাসকলে এই স্বাক্ষৰ কৰাটো দুৰ্ভাগ্যজনক।

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment