কচুৱা প্ৰেছ ক্লাৱৰ পঁচিশ বছৰ পুৰ্তি উপলক্ষে কচুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত যোৱা ৩০ আৰু ৩১ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুস্থিত কৰা হৈছিল ৰূপালী জয়ন্তী সমাৰোহ। সেই উপলক্ষে ৩০ ডিচেম্বৰৰ পুৱা আঠ বজাৰ পৰা পঁচিশখন পতাকা উত্তোলন ,বন্তি প্ৰজ্বলন আৰু ছহীদ তৰ্পনৰ পিছতে বাৰে বৰনীয়া সম্প্ৰদায়ৰ শোভাযাত্ৰা উলিওৱা হৈছিল ৷ পুৱা দহ বজাৰ পৰা কুইজ ,তৰ্ক আৰু বিভিন্ন নৃত্য প্ৰদৰ্শন কৰাও কৰা হৈছিল। ৩১ ডিচেম্বৰত পুৱা ১১ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত জ্যেষ্ঠ আৰু কণিষ্ঠ সাংবাদিকসকলৰ সম্বৰ্ধনাৰ পিছতে আদৰ্শ খেতিয়ক ,শ্ৰমিক , কবি-সাহিত্যিক ,শিক্ষক ,লেখক , আৰু আৰক্ষীকে আদিকৰি বিশগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোই। দিনৰ এক বজাৰ পৰা মুকলি সভাত “তুলিকা” নামৰ এখনি স্মৃতিগ্ৰন্থ উন্মোছন কৰে বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়াই। ইপিনে কচুৱা প্রেছ ক্লাবৰ ৰূপালী জয়ন্তী সমাৰোহত প্ৰতিদিন টাইম চেনেলৰ সাংবাদিক হিমাক্ষী বৰুৱাই আতধৰা মুকলি সভাত উপস্থিত থাকে প্ৰতিদিন টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াক মুখ্য অতিথি ,ধিং সমষ্টিৰ বিধায়ক আমিনুল ইছলাম বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুস্থানত প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমনি শইকীয়াই সংবাদ জগতৰ ওপৰত বহু মূল্যবান বক্তব্য আগবঢ়াই।