Daily Time Axom

ৰাশিফল, ১৬ পুহ , মঙ্গলবাৰ ইং ২ জানুৱাৰী ২০২৩

0 28

শ্ৰীশ্ৰীসূৰ্য্যায় পৰমব্ৰহ্মণে নমঃ

১৬ পুহ , মঙ্গলবাৰ ইং ২ জানুৱাৰী ২০২৩ ।
*সূৰ্য্যোদয়* ঘ:- ৬/১৩/২ *সূৰ্য্যাস্ত* ঘ:- ৪/৩৭/৪৪
*ৰাশি:-* সিংহ ৰাশি। স:ঘ:- ৪/৪৫/ ১৬ কন্যা ৰাশি ।
*তিথি :-* কৃষ্ণা ষষ্ঠী। দি:ঘ:-
২/৪১/৯ লৈ।
*নক্ষত্ৰ :-* পুৰ্ব্বফাল্গুনী। দি:ঘ:- ১০/১০/২২ লৈ।
*শুভ সংখ্যা:-* ২/৩
*শুভ ৰং:-* ৰঙা / সোনালী।
*আদ্যঋতু হলে :-* কান্তা যোগ।
*মৰণত দোষ*:- এপদ ।দি: ঘ:- ১০/১০/২২ যোৱাত ত্ৰিপদ, দি:ঘ:- ২/৪১/৯ যোৱাত পূৰ্ণ দোষ।
*যাত্ৰা:-* পশ্চিম দিশত নাই।
দি:ঘ:- ২/৪১/৯ যোৱাত যোৱাত নাই।
*যোগিনী* :- পশ্চিম দিশত ।
দি:ঘ:- ২/৪১/৯ যোৱাত যোৱাত।
*ভক্ষাভক্ষ্য* :- নিমতাতা খোৱা নিষেধ। দি:ঘ:- ২ /৪১ /৯ যোৱাত তাল খোৱা নিষেধ।

১. *মেষ ৰাশি* (অ,ল) : – মেষ
ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত নাভাবাকে ধন ধান আহিব , সন্মান বাঢ়িব, আত্মীয় পৰিয়ালৰ সান্নিধ্য লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে চিনাকি ব্যক্তিৰ পৰাই কৰ্মত সামান্য বাধাৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

২. *বৃষ ৰাশি* (উ,ব) :- বৃষ ৰাশিৰ জাতিক জাতিকা আজিৰ দিনটোত ভাল ভোজন লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হ’ব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে কৰ্মক্ষেত্ৰত সামান্য সৰু- সুৰা ভুলৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।

৩. *মিথুন ৰাশি*(ক,ছ):- মিথুন ৰাশিৰ জাতিক জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সুখ- শান্তি লাভ কৰিব, মনত ভাবি থকা কৰ্মবোৰ সফলতাৰে সম্পন্ন কৰিবলৈ সক্ষম হব, যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য খংঙ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

৪. *কৰ্কট ৰাশি*(ড,হ) : – কৰ্কত ৰাশিৰ জাতক – জাতিকাসকলৰ সকলৰ আজিৰ দিনটোত ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হ’ব, কৰ্মত শুভ হ’ব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব পাৰিব, লগতে আজি আপোনাৰ কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হোৱাৰ যোগ দেখা যায়।

৫. *সিংহ ৰাশিৰ* (ম,ট) :- সিংহ ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত ভ্ৰমণত সামান্য বাধাৰ সৃষ্টি হ’ব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য শৰীৰত ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৬. *কন্যা ৰাশি* (প,ঠ) : – কন্যা ৰাশিৰ জাতক – জাতিকাসকলৰ আজিৰ দিনটোত সামগ্ৰী লাভ কৰিব , প্ৰকৃতিৰ প্ৰতি মৰম চেনেহ বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনত ভয় ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৭. *তুলা ৰাশি* (ৰ,ত): – তুলা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত শুভ সংবাদ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ধনৰ নাটনি হব পাৰে, লগতে দেহ মনত সামান্য আঘাত পোৱাৰ যোগ দেখা যায়

৮. *বৃশ্চিক ৰাশি* (ন,য): – বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত প্ৰেমত শুভ হ’ব , কৰ্মত শুভ হ’ব, ভোজন বিলাস বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে সামান্য ব্যয় বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

৯. *ধনু ৰাশি* (ধ,ভ): – ধনু ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব পাৰে, ছাত্ৰ -ছাত্ৰী শুভ হ’ব যদিও আজি আপুনি সজাগ নহ’লে মনত সামান্য অশান্তিৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।

১০. *মকৰ ৰাশি* (খ,জ): – মকৰ ৰাশি জাতক – জাতিকা সকলৰ আজিৰ দিনটোত ঘৰুৱা কৰ্মত সফলতা আহিব যদিও আজি আপুনি সজাগ নহ’লে বেয়া খৱৰ লাভ কৰিব পাৰে, লগতে আজি আপুনি সজাগ নহ’লে মনত সামান্য দু:খ কষ্ট পাৱলগীয়া হোৱাৰ যোগ দেখা যায়।

১১. *কুম্ভ ৰাশি*(গ,শ,স): – কুম্ভ ৰাশিৰ জাতক – জাতিকা সকলৰ আজি দিনটোত ঠগ প্ৰৱঞ্চকৰ পৰা সাৱধান হ’ব, প্ৰতাৰণাৰ সন্মুখীন হব পাৰে, মনত সামান্য চিন্তা বাঢ়িব পাৰে, লগতে আজি আপোনাৰ দেহ মনত সামান্য এলাহ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

১২. **মীন ৰাশি-* ( দ,চ) :- মীন ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত মনত সামান্য অশান্তিৰ ভাৱ বাঢ়িব পাৰে, লগতে আজি আপোনাৰ মনত মনত সামান্য হতাশাৰ ভাৱ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।

“সৰ্বে ভৱন্তু সুখিন: সৰ্বে সন্তু নিৰাময়া:।
সৰ্বে ভদ্ৰানি পশ্যন্তু মা কশ্চিৎ দু:খ ভাগভৱেৎ।। ”

আজি দিনটো সকলোৱে সুখী হোৱাৰ কামনাৰে দৈনিক ৰাশি ফল আগবঢ়ালো।

-: *জ্যোতিষী* :-

*জ্যোতিষৰত্ন শ্ৰীনয়নজ্যোতি দেৱ শৰ্মা*
-: নৱগ্ৰহ জ্যোতিষালয় :- ” মা কামাখ্যা গেট ” (নাৰ্চাৰী)
গুৱাহাটী – ৯
ফোন:- 9101096481
9577136205

Leave A Reply

Your email address will not be published.