কেজৰিৱালক দুৰ্নীতিৰ স্কুলৰ সৈতে তুলনা বিজেপিৰ

তৃতীয়বাৰৰ বাবে ইডি চমনৰ পৰা হাত সাৰিলে দিল্লীৰ মুখ্যমন্ত্ৰী ইয়াৰ পিছত কেজৰিৱালক তীব্ৰ সমালোচনা কৰে বিজেপিয়ে। অৰবিন্দ কেজৰিৱালক দুৰ্নীতিৰ বিদ্যালয় সৈতে তুলনা বিজেপিৰ। বিজেপিয়ে অফিচিয়েল এক্স হেণ্ডেলত লিখিছে, কেজৰিৱালৰ ইমান ভয় কিয়? ইতিমধ্যে তেওঁৰ দলৰ দুজন নেতা জেলত আছে। কেন্দ্ৰীয় মন্ত্ৰী অনুৰাগ ঠাকুৰে কয় যে আপ আজি দেশৰ ভিতৰতে আটাইতকৈ দুৰ্নীতিগ্ৰস্ত দল। তেওঁলোকৰ বহু নেতা জেলত আছে। ইডিৰ চমনৰ পৰা নিজেই এৰাই চলিছে মুখ্যমন্ত্ৰীগৰাকী। ইয়াৰ পৰাই বুজা যায় কেজৰিৱালে কিমান দুৰ্নীতি কৰিছে। ইডিয়ে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনক জালত পেলাব বিচাৰিছে। নিৰ্বাচনৰ পূৰ্বে ইডিয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰীলৈ জাননী প্ৰেৰণ কৰিছিল। আৰু এতিয়া ইডিয়ে কেজৰিৱালক তেওঁলোকৰ জালত পেলাব বিচাৰিছে।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment