দৈনন্দিন ৰন্ধন প্ৰণালীত টমেটোৰ ব্যৱহাৰ প্ৰাচীন। ইয়াত এন্টিঅক্সিডেন্ট লাইকোপেন থাকে, যিটো স্বাস্থ্যৰ বাবে উপকাৰী। ই হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। টমেটোত ভিটামিন চি, কে থাকে। টমেটোতো ফ’লেট আৰু পটাছিয়ামৰ যথেষ্ট উৎস। টমেটো সমৃদ্ধ খাদ্যই প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰিব পাৰে বুলি এক নতুন গৱেষণাৰ পৰা জানিব পৰা গৈছে।
প্ৰষ্টেট গ্ৰন্থিয়ে শৰীৰত বীৰ্য্যৰ তৰল পদাৰ্থ উৎপন্ন কৰে। বিশ্বজুৰি পুৰুষৰ মাজত প্ৰষ্টেট কেন্সাৰৰ হাৰ দিনক দিনে বৃদ্ধি পাইছে। বিশেষজ্ঞসকলৰ মতে খাদ্যাভ্যাসৰ ওপৰত পশ্চিমীয়া প্ৰভাৱেই ইয়াৰ আটাইতকৈ ডাঙৰ কাৰণ। ব্রিষ্টল, কেম্ব্ৰিজ আৰু অক্সফর্ড বিশ্ববিদ্যালয়ৰ গৱেষকসকলে ৫০ৰ পৰা ৬৯ বছৰ বয়সৰ প্রষ্টেট কেন্সাৰ ৰোগী ১৮০০ পুৰুষৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ ওপৰত চকু ৰাখিছে৷ তেওঁলোকে ১২ হাজাৰ কেন্সাৰমুক্ত পুৰুষৰ খাদ্যাভ্যাস আৰু জীৱনশৈলীৰ তুলনা কৰিছিল।
অধ্যয়নত দেখা গৈছে যে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰাত টমেটো আৰু বিন উপকাৰী। প্ৰতি সপ্তাহত ১০ টাতকৈ অধিক টমেটো খালে প্ৰষ্টেট কেন্সাৰৰ সম্ভাৱনা ১৮ শতাংশ হ্ৰাস পাব পাৰে। লগতে মাৰাত্মক ৰোগৰ সম্ভাৱনা কম কৰিবলৈ পুৰুষে নিয়মিতভাৱে বিভিন্ন ধৰণৰ ফলমূল আৰু শাক-পাচলি খাব লাগে। লগতে সুস্থ ওজন বজাই ৰাখিব লাগিব আৰু সক্ৰিয় হ’ব লাগিব।
অৱশ্যে এই সমীক্ষা সদায় সঁচা নহয়। বিশেষজ্ঞসকলে অনুভৱ কৰে যে ইয়াৰ ওপৰত অধিক গৱেষণাৰ প্ৰয়োজন।