দলিত কিশোৰীক ধৰ্ষণ কৰি হত্যা আৰক্ষীৰ

যোগীৰাজ্যত এগৰাকী দলিত ছোৱালীক ধৰ্ষণ কৰি ডিঙি চেপি হত্যা কৰাৰ অভিযোগ এজন আৰক্ষীৰ বিৰুদ্ধে।
২৯ ডিচেম্বৰত সংঘটিত হৈছিল এই ঘটনা। উত্তৰ প্ৰদেশ আৰক্ষীয়ে মঙলবাৰে এই ঘটনা ৰাজহুৱা কৰে। অভিযুক্ত কনিষ্টবলৰ ঘৰৰ পৰা উদ্ধাৰ কৰে এগৰাকী ২৫ বছৰীয়া দলিত কিশোৰৰ ওলমি থকা মৃতদেহ।
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ঘটনাৰ এদিন পূৰ্বে আগ্ৰাৰ কনিষ্টবলৰ ঘৰলৈ আহিছিল কিশোৰীগৰাকী। মৰণোত্তৰ পৰীক্ষাৰ পিছত জানিব পৰা মতে, ডিঙিত ফাঁচ লগাই যুৱতীগৰাকীৰ মৃত্যু হয়। অভিযোগৰ ভিত্তিত কনিষ্টবলজনক গ্ৰেপ্তাৰ কৰা হয়। ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
আৰক্ষীয়ে লগতে কয় যে ছোৱালীজনীয়ে আগতে গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত কাম কৰিছিল। বিগত পাঁচ বছৰ ধৰি কনিষ্টবলৰ লগত তাইৰ ৰোমান্টিক সম্পৰ্ক আছিল। কিন্তু অভিযুক্ত কনিষ্টবলৰ পিতৃয়ে তেওঁলোকৰ বিবাহত সন্মতি নিদিলে। আগ্ৰাৰ অভিযুক্তৰ ঘৰলৈ আহিছিল যুৱতীগৰাকী।
সেইদিনা অভিযুক্তই বন্ধু-বান্ধৱীক জনাইছিল ছোৱালীজনীৰ মৃত্যুৰ কথা। লগতে তেওঁক চিকিৎসালয়লৈ লৈ গ’ল। কিন্তু আৰক্ষী উপস্থিত হোৱাৰ আগতেই তেওঁ পলায়ন কৰে। দেওবাৰে তেওঁক গ্ৰেপ্তাৰ কৰা হয়।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment