তীৰ খেলৰ বিৰুদ্ধে ধূলা আৰক্ষীৰ সফল অভিযান ।
অভিযানত এজন তিৰৰ বুকিক গ্ৰেপ্তাৰ ধূলা আৰক্ষীৰ।
মঙলবাৰে গোপন খবৰৰ ভিত্তিত দৰং জিলাৰ ধূলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তন্ময় নাথ আৰু উপ পৰিদৰ্শক সূৰ্য কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ দল এটাই দৰঙৰ গেন্দাচকত তিৰৰ বিৰুদ্ধে অভিযান চলায় । অভিযানত এজন তীৰৰ এজেন্ট তথা বুকিক কৰায়ত্ত কৰে আৰক্ষীয়ে । ধৃত তীৰৰ এজেন্টৰ পৰা নগদ ৩শ ৭০ টকা সহ খেলৰ বুক আৰু ১টা মোবাইল ফোন উদ্ধাৰ কৰে। গ্ৰেপ্তাৰ হোৱা লোক জন গেন্দাচকৰ আব্দুল মালেক বুলি জানিব পৰা গৈছে | ধৃত এজেন্ট জনৰ বিৰুদ্ধে ধূলা আৰক্ষী থানাত 2/24 নম্বৰত Assam Game and bating act ৰ ১৩ আৰু ১৪ নং ধাৰাত গোচৰ ৰুজু কৰি মঙ্গলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰে ধূলা আৰক্ষীয়ে।