সৰভোগৰ ভেৰাগ্ৰামত ভট্টদেৱ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি উদ্যাপন
ভট্টদেৱ স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত আজি অসমীয়া গদ্য সাহিত্যৰ জনক ভট্টদেৱৰ তিৰোভাৱ তিথি দিনযোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে ঐতিহাসিক বৰনগৰৰ ভেৰাগ্ৰামত উদযাপন কৰা হয়,পুৱা ১১ বজাত অসম চৰকাৰৰ পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত হৈ মুকলি সভাত অংশগ্ৰহণ কৰে,মন্ত্ৰী গৰাকীয়ে ভট্টদেৱৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেখেতৰ জীৱনাদৰ্শন আৰু কৰ্মৰাজিৰ বিষয়ে আলোকপাত কৰে৷
আজিৰ এই সভাতে অসমৰ এগৰাকী বিশিষ্ট কবি,সাহিত্যিক কাব্যনীল(প্ৰাণজিৎ দাস)ৰ ভট্টদেৱ আৰু প্ৰাচীন বৰনগৰ শীৰ্ষক গ্ৰন্থৰ শুভ উন্মোচন কৰে,বৰপেটা জিলা সাহিত্য সভাৰ সভাপতি গিৰিধৰ চৌধুৰীয়ে,নিৰ্দ্দিষ্ট বক্তা হিচাবে উপস্থিত থাকে মানিকপুৰ গোৱিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ কপিল দাস দেৱ,আনফালে মন্ত্ৰী গৰাকীয়ে নামঘৰত নামত থকা মাটি সমূহৰ চৌহদত পকী ওৱাল আৰু মুখ্য তোৰণ নিৰ্মাণৰ বাবে অসম চৰকাৰৰ হৈ ১০ লাখ টকা ঘোষণা কৰে,ইয়াৰ লগতে ১০ টা গৃহহীন পৰিয়াল নামঘৰৰ চৌহদত ঘৰ সজাই দিব মন্ত্ৰী গৰাকীয়ে,যাতে সকলো পৰিয়ালে নামঘৰটো সুন্দৰকৈ পৰিচালনা কৰিবলৈ পাৰে,ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ভেৰাগ্ৰামলৈ এদিন আনিব বুলি ৰাইজক কয়৷