দৰং জিলাৰ ধূলা গাঁও পঞ্চায়তৰ অন্তৰ্গত ২নং মাগুৰমাৰী গাঁৱৰ দক্ষিণ চুবাত নিৰ্মান কাম চলি থকা অৱস্থাত জল জীৱন আঁচনিৰ জল মিত্ৰক লৈ একাংশই বিভিন্ন ধৰণৰ মিছা অভিযোগ উত্থাপিত কৰিছে। আফিলুদ্দিনৰ পৰিয়ালৰ লোকক জলমিত্ৰ লাগে বুলি আজিলৈ লিখিত ভাবে গাঁও পঞ্চায়ত বা ইউজাৰ কমিটিক কোনোধৰণৰ আবেদন দাখিল কৰা নাই। তেনে অৱস্থাত আফিলুদ্দিনৰ পৰিয়ালক এতিয়া লাগে জলমিত্ৰ। আনহাতে নিৰ্মাণ কাম সম্পূৰ্ণ নোহোৱাৰ বাবে ঠিকাদাৰে আঁচনি খন পঞ্চায়ত বা ইউজাৰ কমিতিক সমজাই দিয়া নাই। ইয়াৰ উপৰিও আফিলুদ্দিনৰ পক্ষৰ লোকে সংবাদ মাধ্যমৰ আগত বিভিন্ন ধৰণৰ মিছা অভিযোগ তোলে বুলি ইউজাৰ কমিটিয়ে জানিবলৈ দিয়ে। যোৱা বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ ২ তাৰিখে ৰাজহুৱা সভাৰ জৰিয়তে আঁচনি খনৰ ইউজাৰ কমিটি গঠন কৰা হয় আৰু সেই কমিটিত বিভাগীয় কৰ্তৃপক্ষৰ লগতে ৰাইজ উপস্থিত থাকে। ইয়াৰ উপৰিও ধূলা গাঁও পঞ্চায়ত সভানেত্ৰীৰ নমিনি এবাদুল্লা হকৰ বিৰুদ্ধে ধন লোৱা বুলি মিছা অভিযোগ তোলে যাৰ বাবে ব্যক্তিজনে আইনী ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। লগতে জলমিত্ৰৰ বাবে দাবী কৰা আফিলুদ্দিন ধূলা গাঁও পঞ্চায়তৰ ভোটাধিকাৰ নহয় আৰু পানী যোগান আঁচনিৰ পৰা এক কিলোমিটাৰ দূৰত অস্থায়ী ভাবে বাস কৰে আৰু ওন্দোলাঝাৰ গাঁও পঞ্চায়তৰ স্থায়ী ভোটাধিকাৰহে । তেনে ক্ষেত্ৰত আফিলুদ্দিনৰ পৰিয়ালে কি ভিত্তিত জিলমিত্ৰৰ বাবে দাবী কৰি আহিছে সেয়াও এক ৰহস্যৰ আৱৰ্তত ।