Daily Time Axom

মৈৰাবাৰী আৰক্ষীৰ সাফল্য,দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

0 35

যোৱা নিশা মৈৰাবাৰী আৰক্ষীৰ এটা দলে নিশাটোৰ ভিতৰতে পৃথকে পৃথকে অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰীক।

এক গোপন খবৰৰ ভিত্তিত মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিশা ১২:৩০ মান বজাত বেল’বৰী গাঁৱৰ আব্দুল কাদিৰ আৰু চহৰীয়া গাঁৱৰ দিন ইছলামক আটক কৰিছে।

দুয়োজনৰ পৰা আৰক্ষীয়ে এটা চাবোনৰ বাকচ ভৰ্তি ড্ৰাগছ, দহ টা ড্ৰাগছ ভৰ্তি কণ্টিনাৰ,0.850 গ্ৰাম গাঞ্জ আৰু এটা মোবাইল ফোন জব্দ কৰে।উল্লেখযোগ্য যে উক্ত নিচাজাতীয় সামগ্ৰীখিনি ৰাতিটোৰ ভিতৰতে বেলেগ বেলেগ ঠাইত বিক্ৰী কৰিব বুলি আৰক্ষীয়ে খবৰ লাভ কৰাত আৰক্ষী সষ্টম থাকি নিশাটোৰ ভিতৰতে অভিযান চলাই দুয়োজন লোকক উক্ত অবৈধ সামগ্ৰীসহ কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

বৰ্তমানে দুয়োজনকে মৈৰাবাৰী আৰক্ষীয়ে নিজৰ জিম্মাত লৈ অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

Leave A Reply

Your email address will not be published.