টীয়কৰ গুৱালগাঁও আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।জানিব পৰা মতে এ বি চি আই নামৰ কলকাতাস্থিত এক কোম্পানীৰ তত্বাৱধানত টীয়কৰ বিভিন্ন স্থানত বিদ্যুতৰ খুটা স্থাপন,কেবুল সংযোগ আদি কাম চলি আছে।তাৰে অংশস্বৰূপে আজি গুৱালগাঁৱত কাম কৰি থকা অৱস্থাতে কোম্পানীৰ এগৰাকী শ্ৰমিক নাম বিশাল গোৱালা উচ্চ ক্ষমতাসম্পন্ন বৈদ্যুতিক তাঁৰত লাগি এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।ইপিনে উক্ত কোম্পানীটোৱে আজি ক’ত কাম কৰিব আগতীয়াকৈ টীয়ক এ পি ডি চি এল অৱগত নকৰা তথা লাইন চাট ডাউন নোলোৱাৰ বাবেই এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰিছে এ পি ডি চি এল কৰ্তৃপক্ষই।ইতিমধ্যে আহত যুৱক ততাতৈয়াকৈ টীয়ক এফ আৰ ইউলৈ অনা হয় যদিও প্ৰাৰম্ভিক চিকিৎসা কৰি উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হস্পিতাললৈ প্ৰেৰণ কৰা হৈছে।গুৰুতৰভাৱে আহত যুৱকজনৰ ঘৰ মৰিয়নিৰ নিউ সোনোৱাল বাগিছাত বুলি জানিব পৰা গৈছে।