Daily Time Axom

আজি গোপেশ্বৰ দেৱালয়ত আযোদ্ধা ৰাম মন্দিৰ নিৰ্মাণস্থলীৰ পৰা প্ৰদান কৰা অক্ষত বিতৰণ কার্যসূচীৰ আৰম্ভণি কৰা হয়

0 40

২০২৪ ৰ ২২ জানুৱাৰীত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ব অযোধ‍্যাৰ বহু প্ৰতিক্ষিত ৰাম মন্দিৰৰ।

দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুকলি কৰিব ৰাম মন্দিৰৰ ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠা।

বাইহাটা চাৰিআলিৰ গোপেশ্বৰ দেৱালয়ৰ হনুমান মন্দিৰৰ পৰা আজি বিশ্ব হিন্দু পৰিষদ,উত্তৰ কামৰূপ জিলাৰ
সহ-সাধৰণ সম্পাদক,কৃষ্ণ কলিতা আৰু ইন্দ্ৰজিত ডেকাৰ নেতৃত্বত অক্ষত, বাৰ্তা আৰু ৰাম মন্দিৰৰ চিত্ৰ প্ৰদান কৰা হয়।

উল্লেখ্য যে এই নিৰ্মালি গাঁৱে গাঁৱে প্ৰদান কৰা হ’ব আৰু গৃহস্থ সকলে নিজ থাপনাত ৰাখিব পাৰিব
লগতে তেওঁলোকে বিভিন্ন গাঁওৰ মানুহৰ ঘৰে ঘৰে গৈ এই ‘অক্ষত’ বিতৰণ কৰি ৰাম মন্দিৰৰ বিৱৰণ দাঙি ধৰিব।

২২ জানুৱাৰীৰ দিনা ৰাতিপুৱা ১১ বজাৰ পৰা দিনৰ ১ বজালৈ প্ৰতিটো মন্দিৰত ১০৮ বাৰ ৰামনাম জপ, হনুমান চালিচা পাঠ, নাম কীৰ্তন কৰাৰ লগতে সন্ধিয়া প্ৰতি ঘৰতে অতি কমেও পাঁচ গছি চাকি জলাবলৈ আহ্বান জনাইছে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ কামৰূপ জিলাৰ কাৰ্যকৰ্তাসকলে।

Leave A Reply

Your email address will not be published.