Daily Time Axom

মুকালমুৱাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ক “নাক”ৰ “B” গ্ৰেড প্ৰদান

0 23

প্ৰথমবাৰ “নাক”ৰ মূল্যায়ন লাভ কৰাৰ পিছত মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত আনন্দ উল্লাহ।

মুকালমুৱাৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান বৰক্ষেত্ৰী মহাবিদ্যালক ৰাষ্ট্ৰীয় মূল্যায়ন আৰু প্ৰত্যায়ন পৰিষদ(নাক)ৰ “B” গ্ৰেড প্ৰদান। প্ৰথমবাৰলৈ “নাক”ৰ মূল্যায়ন লাভ কৰি উৎফুল্লিত হৈ পৰিছে মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকল। উল্লেখযোগ্য যে যোৱা ১২ আৰু ১৩ ডিচেম্বৰ তাৰিখে “নাক”ৰ এটা দলে প্ৰথমবাৰলৈ মহাবিদ্যালয়খন পৰিদৰ্শন কৰিছিল। তাৰে ভিত্তিত ৩ জানুৱাৰী তাৰিখে ঘোষণা কৰা ফলাফলত মহাবিদ্যালয়খনে 2.19 CGPA পইন্ট লাভেৰে “B” গ্ৰেড লাভ কৰিবলৈ সক্ষম হয়। প্ৰথমবাৰলৈ “নাক”ৰ মূল্যায়ন লাভ কৰাৰ পিছত এতিয়া মহাবিদ্যালয়খনত উৎসৱমূখৰ পৰিবেশৰ সৃষ্টি হৈছে। কেক কাটি, ফটকা ফুটাই বিহু নৃত্যৰে আনন্দ উল্লাহ কৰা দেখা গ’ল মহাবিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰীৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক। মহাবিদ্যালয়খনৰ প্ৰতিজন শিক্ষক-কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰীৰ অশেষ প্ৰচেষ্টাৰ বিনিময়ত প্ৰথমবাৰতে মহাবিদ্যালয়খনে “B” গ্ৰেড লাভ কৰিবলৈ সক্ষম হোৱা বুলি মত প্ৰকাশ কৰে মহাবিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী সকলে।

Leave A Reply

Your email address will not be published.