দুদিনীয়া কাৰ্যসূচীৰে টীয়ক জাতীয় বিদ্যালয়ৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

২০০২ চনত টীয়কৰ শিক্ষা ক্ষেত্ৰখনত নতুন দিগন্ত সুচনা কৰি প্ৰতিষ্ঠা লাভ কৰা টীয়ক জাতীয় বিদ্যালয়ৰ আজি ২২ সংখ্যক প্ৰতিষ্ঠা দিৱসটি দুদিনীয়া বৰ্নাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছে।প্ৰথম দিনা পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণ আদি কাৰ্যসূচীৰ সফল ৰূপায়নৰ পাছত আজি দ্বিতীয়দিনা মূল কাৰ্যসূচীত আৰম্ভ হয়।দ্বিতীয় দিনা প্ৰথম কাৰ্যসূচী হিচাপে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰস্তত কৰা প্ৰদৰ্শনীৰ দ্বাৰ আনুষ্ঠানিকভাৱে জ্ঞানপীঠ একাডেমীৰ অধ্যক্ষ ড৹ কুমাৰ ৰাফেল শইকীয়াই উদ্বোধন কৰে।তাৰ পাছতে বিদ্যালয়ৰ সংগীতেৰে মুকলি সভা আৰম্ভ হয়।অসম সাহিত্য বঁটা প্ৰাপক তথা বিশিষ্ট সংস্কৃত পণ্ডিত ড৹ অকন চন্দ্ৰ শইকীয়াৰ সভাপতিত্বত আয়োজিত উক্ত সভাত যোৰহাট মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড৹ ৰঞ্জিত কুমাৰ হাজৰিকা বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে।উল্লেখযোগ্য যে উক্ত সভাত টীয়ক গৌৰৱ অসম সাহিত্য বঁটা প্ৰাপক ড৹ অকন চন্দ্ৰ শইকীয়াক বিদ্যালয় পৰিয়ালে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে।উক্ত কেউটা অনুষ্ঠানত বিদ্যালয়ৰ সঞ্চালক প্ৰদীপ চুতীয়া,সচিব সৌৰভ বৰাকে প্ৰমুখ্য কৰি অঞ্চলৰ বহুসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকি সহযোগিতা আগবঢ়ায়।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment