আঠ দিনীয়াকৈ অনুস্থিত হৈছে সদৌ অসম ভাওনা সমাৰোহ
নাজিৰাৰ লিগিৰীপুখুৰীত সদৌ অসম ভাওনা সমাৰোহত দৈনিক দুখনকৈ ভাওনাই অংশগ্ৰহণ কৰিছে প্ৰতিযোগিতাত | কপিধ্বজৰ উদ্যোগত অনুস্থিত হৈছে সদৌ অসম ভাওনা সমাৰোহ | অহা ৯ জানুৱাৰীত সামৰণি পৰিব এই সদৌ অসম ভাওনা সমাৰোহৰ | পুৱাৰে পৰা ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, গুৰু আসন প্ৰতিষ্ঠা আৰু নাম প্ৰসংগ, স্মৃতিগ্ৰন্থ উন্মোচনৰ লগতে বিভিন্ন কাৰ্য্যসূচী অনুস্থিত হৈছে সদৌ অসম ভাওনা সমাৰোহত | অসমৰ বিভিন্ন প্ৰান্তৰ ১৪ টাকৈ ভাওনা দলে অংশগ্ৰহণ কৰিছে এই সদৌ অসম ভাওনা সমাৰোহত | এক আধ্যাত্মিক পৰিৱেশে বিৰাজমান কৰিছে নাজিৰাৰ লিগিৰীপুখুৰীত অৱস্থিত এই সদৌ অসম ভাওনা সমাৰোহ স্থলী |