সৰভোগৰ বাড্‌চ একাডেমীৰ বাৰ্ষিক বিদ্যালয় সপ্তাহ উপলক্ষে বিশাল সাংস্কৃতিক শোভাযাত্ৰা

বৰনগৰ অঞ্চলৰ শিক্ষা ব্যৱস্থা অধিক আগুৱাই নিয়াৰ স্বাৰ্থত, বৰনগৰ অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকে ২০০৫ চনত বাড্‌চ একাডেমী নামৰ এখন শিক্ষানুষ্ঠান স্থাপন কৰিছিল।শিক্ষাৰ পৰা সাহিত্য, খেলৰ পৰা সংস্কৃতিকে ধৰি প্ৰতিটো দিশত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হোৱা,বৰপেটা জিলাৰ ব্যক্তিগত শিক্ষানুষ্ঠান সমূহৰ ভিতৰত অন্যতম সৰভোগৰ বাড্‌চ একাডেমী।একাডেমীৰ অন্তৰ্গত তিনিখন শিক্ষানুষ্ঠানৰ বিদ্যালয় সপ্তাহ ২ জানুৱাৰীত আৰম্ভ হৈছিল,বিদ্যালয় সপ্তাহৰ পৰিসমাপ্তি ঘটিব ১২ জানুৱাৰীত,আজি ৮ জানুৱাৰী তাৰিখে বিদ্যালয় সপ্তাহ উপলক্ষে ৰাতিপুৱাতে উলিয়ায় এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা,এই সাংস্কৃতিক শোভাযাত্ৰাটো সমগ্ৰ সৰভোগ চহৰ পৰিভ্ৰমণ কৰে৷

AssamAssamese NewsDaily time axomIndiaInternationalWorld
Comments (0)
Add Comment