Daily Time Axom

টীয়কত ৰাইজৰ দলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন

0 44

ৰাইজৰ দলৰ জণজাগৰণ যাত্ৰাৰ মাজতে আজি টীয়কৰ কলিয়াপানীত ৰাইজৰ দলৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হৈছে।ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈৰ উপস্থিতিত তথা ৰাইজৰ সহযোগত আজি ব্যতিক্ৰমীভাৱে এই তৃতীয়বৰ্ষৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰি কেৱল কথাৰ ফুলজাৰিৰ মাজত আবদ্ধ নাথাকি প্ৰকৃত জাতীয় চেতনাৰে পথাৰ আমাৰ বজাৰ আমাৰ লক্ষ্যৰে ৰাইজৰ দল আগুৱাই যাব বুলি সংকল্প গ্ৰহণ কৰে সকলোৱে আৰু এই ক্ষেত্ৰত সমূহ অসমবাসকৰে সহযোগিতা আশা কৰে ৰাইজৰ দলৰ মুৰব্বী অখিল গগৈয়ে।উক্ত সভাত ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতীয়া ফুকন,উপ সভাপতি হৰেশ্বৰ বৰ্মন,সাধাৰণ সম্পাদকদ্বয় ক্ৰমে ধৈৰ্য কোঁৱৰ,ৰাচেল হুচেইন,কেন্দ্ৰীয় সম্পাদক বিজিত দত্ত, চাহজাদ আলী,শিৱসাগৰ জিলাৰ সভাপতি মুনীন্দ্ৰ লাহন,সম্পাদক মুজিদ আলীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও দলীয় জ্যেষ্ঠ নেতা উপস্থিত থাকি দলীয় সংকল্প ৰূপায়ণৰ ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ হয়।ইপিনে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কালি মানকাচাৰত সংঘটিত আৰক্ষী জোৱানৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি এয়া আৰক্ষী বিভাগৰ দ্বায়িত্বহীনতাৰ পৰিচয় ওলাই পৰিছে বুলি মত প্ৰকাশ কৰে বিধায়ক অখিল গগৈয়ে।তেওঁ কয় যে যি সময়ত অসম আৰক্ষীয়ে নিজৰ সতীৰ্থ এগৰাকী পানীত পৰি ককবকাই থাকোতে তেওঁক পানীৰ পৰা উদ্ধাৰৰ ব্যৱস্থাৰ পৰিৱৰ্তে আৰক্ষীৰ দলটোৱে আনৰ মুখলৈ চাই থাকিবলগীয়া হৈছিল বা বহুজনে ভিডিঅ কৰাত ব্যস্ত হৈ পৰিছিল সেই আৰক্ষীৰ ওপৰত কি বিশ্বাসত অসমৰ ৰাইজ সুৰক্ষিত হব।সেয়ে এই ক্ষেত্ৰত এক উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰিবলৈ ৰাজ্যৰ গৃহ বিভাগক দাবী জনাইছে।লগতে আলফা আৰু চৰকাৰৰ শান্তি চুক্তিখন প্ৰকৃততে আত্মসমৰ্পণৰ চুক্তি বুলি অভিহিত কৰি এয়া কেৱল একাংশ আত্মসমৰ্পণকাৰী আলফাৰ চুক্তি যি অসমক ৰাজনৈতিক বা অৰ্থনৈতিক কোনো দিশত সুৰক্ষা প্ৰদান নকৰে বুলি মন্তব্য কৰে অখিল গগৈয়ে।

Leave A Reply

Your email address will not be published.