Daily Time Axom

পাচমাহে নিৰুদ্দেশ লিডুৰ এগৰাকী ১৪ বছৰীয়া ছাত্ৰ

0 44

ৰাজ্যত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে শিশু অপহৰণ তথা শিশু নিৰুদ্দেশৰ দৰে ঘটনা ৷ বিগত পাচমাহে নিৰুদ্দেশ হৈ আছে মাৰ্ঘেৰিটা মহকুমাৰ লিডুৰ এজন ১৪ বছৰীয়া কিশোৰ ৷ বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহতেই নিৰুদ্দেশ হোৱা সপ্তম শ্ৰেনীত অধ্যয়নত লিডুৰ ৰিংগাৱৰ নিৱাসী গিৰিচ গোচাইৰ পুত্ৰ ৰাজদ্বীপ গোচাইৰ আজিও কোনো সন্ধান নাই ৷ ঘৰৰ পৰা বন্ধুৰ ঘৰলৈ বুলি উলাই যোৱা কিশোৰ গৰাকীৰ আকস্মৃক নিৰুদ্দেশক লৈ চিন্তিত এতিয়া পৰিয়ালৰ লোক ৷

পৰিয়ালৰ লোকে স্থানীয় আৰক্ষীক অৱগত কৰিছিল যদিওঁ আৰক্ষীৰ হাততো বৰ্তমান পৰ্যন্ত ছাত্ৰ জনৰ কোনো হুং-সূত্ৰ নাই ৷ কোনো দুষ্ট চক্ৰৰ কৱলত পৰাৰ সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালৰ লোকে ৷ ইফালে দৈনিক দিন হাজিৰা কৰি পৰিয়াল পুহপাল দিয়া গিৰিচ গোচাইয়ে এতিয়া পুত্ৰক বিচাৰি হাবাথুৰি খাইছে ৷ সংবাদ মাধ্যমৰ যোগেদি পিতৃৰ আহবান যদি কোনো সদাশয় লোকে পুত্ৰক দেখা পাই তেন্তে ৬০০৩৯৫৮৬৩৮ নম্বৰ যোগাযোগ কৰিবলৈ কাতৰ আহবান জনাইছে ৷

Leave A Reply

Your email address will not be published.