গোলাঘাট জিলাৰ মৰঙী মৌজাৰ অন্তৰ্গত ২ নং ফলঙনীত অবস্থিত সুৰ সন্ধানী কলা একাডেমীৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ফলঙনী উচ্চ ইংৰাজী বিদ্যালয়ৰ প্ৰাংগনত অহা ইংৰাজী ১৭ জানুৱাৰী ২০২৪, ২ মাঘ বুধবাৰে আয়োজন কৰিছে শিল্পী দিৱস । উক্ত অনুুস্থানৰ লগত সংগতি ৰাখি সুৰ সন্ধানী সংগীত কলা একাডেমিৰ পৰিয়াল বৰ্গৰ লগতে শিল্পী দিৱস উদযাপন সমতিয়ে শিশু সকলৰ উৎকৰ্ষ সাধনৰ হেতু বিভিন্ন প্ৰতিযোগিতাৰ মাজতে আয়োজন কৰিছে হাঁহিৰ খুৰাক তোলা মাৰফৎ বকুল তল নামৰ এখন নাটক,ৰচনা প্ৰবিএ ৰাজখোৱা,পৰিচালনা নীলিম ফুকনদেৱৰ । ঠিক সেইদৰে সন্ধিয়া সাত বজাৰ লগে লগে সমন্বয় নামৰ এখনি নৃত্য নাটিকা প্ৰদৰ্শন কৰা হ’ব। পৰিচালনা মমী ফুকন শইকীয়া আৰু অৰুণ দত্তদেৱৰ , তাৰ লগে লগে বিশিষ্ট নাট্যকাৰ মৃদুল ফুকন দেৱৰ দ্বাৰা ৰচিত আৰু পৰিচালিত আত্মসমপন নামৰ এখন পূৰ্ণাঙ্গ সামাজিক নাটক প্ৰদৰ্শন কৰা হ’ব বুলি আয়োজক সমিতিয়ে জনাইছে।তাৰ উপৰি দিনৰ ভাগত কবিতা আবৃত্তি আৰু জ্যোতিৰ সংগীত প্ৰতিযোগীতা শাখা ভিত্তিত অনুষ্ঠিত কৰিছে বুলি ও জনাইছে আমাৰ সাংবাদিকৰ আগত । উক্ত সকলো অনুস্থানতে সকলো ৰাইজৰ উপস্থিতি একান্তই কামনা কৰিছে সুৰ সন্ধানী কলা একাডেমীৰ বিষয়ববীয়াসকলৰ লগত উদযাপন সমিতিৰ বিষয়ববীয়াসকলে।