Daily Time Axom

‘ভাৰত জোড়ো ন্যায় যাত্ৰা’ই ৰাহুলক নতুন উচ্চতালৈ লৈ যাবঃ বিজেপি

0 41

ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাক উপহাস কৰিছে বিজেপিয়ে। বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই কয় যে তিনিখন ৰাজ্যৰ নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ বাবে ৰাহুল গান্ধীৰ ওপৰত যথেষ্ট হেঁচা পৰিছে। মমতা বেনাৰ্জী আৰু অৰবিন্দ কেজৰিৱালেও খৰ্গেৰ প্ৰতি বিশ্বাস প্ৰকাশ কৰিছে। যদিও এই বিশ্বাস ৰাহুল গান্ধীৰ ওপৰত দেখুৱাব লাগিছিল। ইণ্ডিয়া এলায়েন্সত ক্ৰমান্বয়ে কংগ্ৰেছে নিজৰ স্থান হেৰুৱাইছে। গতিকে কংগ্ৰেছে এনে এক যাত্ৰাৰে আকৌ এবাৰ ৰাহুলক আগুৱাই নিবলৈ চেষ্টা কৰিছে। ইণ্ডিয়া এলায়েন্সৰ ওপৰত ডিগ লৈ পুনাৱালাই কয় যে আগন্তুক লোকসভা নিৰ্বাচনৰ আসনৰ ক্ষেত্ৰত ভাৰত মিত্ৰজোঁটৰ মাজত এতিয়াও কোনো চুক্তি হোৱা নাই। গতিকে এই মিত্ৰতাৰ ওপৰত মানুহৰ কিমান আস্থা থাকিব? প্ৰসংগক্ৰমে অহা ১৪ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ৰাহুল গান্ধীৰ ভাৰত যোৰো ন্যায় যাত্ৰা। এই যাত্ৰাই ৬ হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰত্ব অতিক্ৰম কৰিব। এইবাৰৰ যাত্ৰা মুঠ ১১০খন জিলাত হ’ব।

Leave A Reply

Your email address will not be published.