ৰঙিয়াত তৰণীৰ সমাজহিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ স্মৃতিচাৰণ সভা

ৰঙিয়াৰ তৰনী হৰিমন্দিৰ বাৰোৱাৰী ৰাস মহোৎসৱ আৰু আৰিমত্ত ভবনৰ সৌজন্যত সদ্যপ্ৰয়াত সমাজহিতৈষী হৰেন কুমাৰ ভূঞাৰ ৰাজহুৱা স্মৃতিচাৰণ সভা আজি অনুষ্ঠিত হয় । তৰণী ৰাস মহোৎসৱৰ হৰি মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ সভাত উপস্থিত থাকি সাংসদ ভূৱনেশ্বৰ কলিতাই সমাজ হিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ জীৱনীভিত্তিক কথা আৰু ৰাজনৈতিক ক্ষেত্ৰত সমাজ হিতৈষী ব্যক্তি গৰাকীৰ পৰামৰ্শৰ বিষয়ে সভাত সোৱঁৰণ কৰে । লগতে সমাজ হিতৈষী ব্যক্তি গৰাকীৰ কৰ্মৰাজিৰ তৰণীত যি সামাজিক অৱদান আগবঢ়াই থৈ গৈছে তাৰ বিষয়েও সাংসদ কলিতাই আলোকপাত কৰে । ইফালে শিক্ষাবিদ কামিনী ভূঞাই সভাপতিত্ব কৰা স্মৃতিচাৰণ সভাখনিত বিশিষ্ট সমাজকৰ্মী ডাঃ মৃণাল ভূঞাই সমাজ হিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাই আগবঢ়াই থৈ যোৱা বিভিন্ন সামাজিক কৰ্মৰাজিৰ অৱদান আৰু জীৱন বৃত্তান্ত সম্পৰ্কে দীঘলীয়া স্মৃতি সোঁৱৰাই সভাত উল্লেখ কৰে । পুৱা ১০ বজাত অনুষ্ঠিত হোৱা এই স্মৃতিচাৰণ সভাত আৰম্ভণিতে সমাজ হিতৈষী হৰেন্দ্ৰ কুমাৰ ভূঞাৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰে সহধৰ্মিনী নিশি ভূঞাই । আনহাতে একেলগে সভাত ভূঞাৰ স্মৃতিত এখনি স্মৰণিকা উন্মোচন কৰা হয় । আনহাতে আজি এই সভাত
প্ৰয়াত হৰেন্দ্ৰ কুমাৰ ভূঞাৰ পুত্ৰ নিপন ভূঞা,জী, জোঁৱাই সৈতে শুভাকাংশীৰ লগতে গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে।

AssamDaily time axomGuwahatiIndiaInternationalNew DelhiWorld
Comments (0)
Add Comment