ফ্ৰান্সৰ প্ৰথমজন সমকামী প্ৰধানমন্ত্ৰী আটাল

৩৪ বছৰীয়া গেব্ৰিয়েল আটালক ফ্ৰান্সৰ নতুন প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা। দেশৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ চৰকাৰৰ সালসলনিৰ অংশ হিচাপে আটালক এই দায়িত্ব দিয়া হৈছে।

আধুনিক ফ্ৰান্সৰ ইতিহাসৰ আটাইতকৈ কম বয়সীয়া আৰু প্ৰথমজন সমকামী প্ৰধানমন্ত্ৰী হ’বলৈ সাজু হৈছে আটালক। ইয়াৰ পূৰ্বে ১৯৮৪ চনত ৩৭ বছৰীয়া লৰেণ্ট ফেবিয়াছ ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী হৈছিল।

আটালে দীৰ্ঘদিন ধৰি ফ্ৰান্সৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। শেহতীয়া মতামত সমীক্ষাতো দেশৰ অন্যতম জনপ্ৰিয় ৰাজনীতিবিদ হিচাপে আত্মপ্ৰকাশ কৰিছে যুৱ নেতাগৰাকীয়ে।

ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰনে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত গেব্ৰিয়েলক উদ্দেশ্যি এটা পোষ্টত লিখিছে, মই জানো যে মই আপোনাৰ শক্তি আৰু দায়বদ্ধতাৰ ওপৰত ভৰসা কৰিব পাৰো।

Assamese NewsDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment