Daily Time Axom

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা চিকিৎসাধীন অৱস্থাতে নিৰুদ্দেশ তামুলপুৰৰ এজন যুৱক

0 73

পৰিয়ালৰ মাজত কান্দোনৰ ৰোল

তামুলপুৰ জিলাৰ অন্তৰ্গত বতিয়ামাৰী গাঁৱৰ দীনেশ বড়ো (৩১) নামৰ এগৰাকী যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ পৰা চিকিৎসাধীন অৱস্থাত হঠাৎ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। পৰিয়ালৰ লোকে জনোৱামতে বতিয়ামাৰী গাৱৰ প্ৰয়াত বিপিন বড়ো আৰু পাতালী বড়োৰ পুত্ৰ একত্ৰিশ বছৰীয়া দীনেশ বড়োই পেট আৰু জিভাৰ অসুখৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বিগত ৪ জানুৱাৰীত মেডিচিন বিভাগত ভৰ্তি হৈছিল কিন্তু দীনেশ বড়ো নামৰ যুৱকজন ৭ জানুৱাৰীৰ দিনা চিকিৎসালয়ৰ পৰা নিৰুদ্দেশ হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৭২৬০/২৪ নম্বৰত ৰেজিষ্ট্ৰেছন কৰি দীনেশক ১৬৫ নম্বৰ বেডত ভৰ্তি কৰোৱা হৈছিল।পৰিয়ালৰ লোকে জানিব দিয়া মতে নিৰুদ্দেশ সম্পৰ্কত জি এম চি এইডছ কৰ্তৃপক্ষৰ লগতে নিকটৱৰ্তী আৰক্ষী চকীত জনোৱা হৈছিল যদিও কোনোধৰণৰ গুৰুত্ব দিয়া নাই বুলি অভিযোগ উঠিছে ৷ উল্লেখ্য যে আজি পৰ্যন্ত নিৰুদ্দিষ্ট ব্যক্তিজনৰ কোনো খা-খবৰ নোপোৱাত শোকত ভাঙি পৰিছে পৰিয়ালৰ লগতে আত্মীয়স্বজন। উপায়হীন পৰিয়ালটি আৰাধ্য দেৱতা বাথৌ ৰ ওচৰতে সকলো সপি দি চাকি বন্তি জ্বলাই প্ৰাৰ্থনা জনাই আশা পুহি ৰাখিছে যুৱকজন উভতি আহিব। আনহাতে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মালৈ পৰিয়ালৰ লোকৰ কাতৰ আহ্বান যাতে বিষয়টিত হস্তক্ষেপ কৰি নিৰুদিষ্টৰ উদ্ধাৰত সহযোগ কৰে৷ আনহাতে দীনেশ বড়োৰ কিবা শুংসূত্ৰ পালে নিকটৱৰ্তী আৰক্ষী থানা নাইবা 9365253169 অথবা 8200889053 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে অনুৰোধ জনায়৷

Leave A Reply

Your email address will not be published.