Daily Time Axom

ধুবুৰীত তিনিদিনীয়া অসমী ভোগালী মেলা আৰম্ভ

0 62

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী জিলা শাখাৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰে পৰা আৰম্ভ হয় অসমী ভোগালী মেলা-২০২৪ ৷ ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰত অনুষ্ঠিত মেলাখনৰ উদ্বোধন কৰে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে। জিলা আয়ুক্ত গৰাকীয়ে আত্মসহায়ক গোটৰ মহিলাসকলক কেইটামান নিৰ্দিষ্ট কামতে নিজকে আৱদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে নতুন নতুন কাৰ্যত জড়িত হ’বলৈ আহ্বান জনায়৷ তেওঁ প্ৰসংগক্ৰমে কৰ্ণাটকত আত্মসহায়ক গোটৰ মহিলাই বিমানবন্দৰত হাউছ কিপিঙৰ দৰে কামত জড়িত হোৱাৰ উদাহৰণ দাঙি ধৰে৷ তেওঁ আত্মসহায়ক গোটসমূহক উদ্দেশ্যি কয়, ‘আপোনালোকে এটা ব্যৱসায়িক সপোন লৈ আগবাঢ়ক ৷ অহা ১২ জানুৱাৰীলৈকে চলিব এই অসমী ভোগালী মেলা । অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ধুবুৰী জিলা অভিযান পৰিচালক আছিফ আহমেদে জনোৱা অনুসৰি তিনিদিনীয়াকৈ আয়োজন কৰা অসমী ভোগালী মেলাৰ ৩০ খন বিপনীত আত্মসহায়ক গোটসমূহে পিঠা-পনাকে ধৰি বিভিন্ন থলুৱা খাদ্য সামগ্ৰী, হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰী আদি বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে৷ প্ৰতিদিনে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সৰ্বসাধাৰণ ৰাইজৰ বাবে অসমী ভোগালী মেলা মুকলি থাকিব৷ তেওঁ মেলাখনত আহিবলৈ সৰ্বস্তৰৰ ৰাইজক আহ্বান জনায়৷

Leave A Reply

Your email address will not be published.