Daily Time Axom

আদানী গ্ৰুপে ভাৰতীয় নৌসেনাৰ বাবে ড্ৰ’ন প্ৰস্তুত কৰিছে

0 70

ভাৰতীয় নৌসেনাৰ বাবে ড্ৰ’ন প্ৰস্তুত কৰিছে দেশৰ বৃহৎ উদ্যোগিক সংঘ আদানী গ্ৰুপে। নাম দিয়া হৈছে ‘দৃষ্টি-১০’ ষ্টাৰলাইনাৰ মানৱবিহীন বিমান। আদানি ডিফেন্স এণ্ড এৰ’স্পেচৰ দ্বাৰা নিৰ্মিত এই ড্ৰ’নে চোৱাচিতা কৰিবলৈ সক্ষম আৰু ৩৬ ঘণ্টা ধৰি অবিৰতভাৱে উৰিব পাৰে। বুধবাৰে হায়দৰাবাদত অনুষ্ঠিত এক অনুষ্ঠানত ভাৰতীয় নৌসেনাৰ মুৰব্বী এডমিৰেল আৰ হৰি কুমাৰে ড্ৰ’নখন উদ্বোধন কৰে। তেওঁৰ লগত আছিল সেনাবাহিনীৰ ৭৫ গৰাকী শীৰ্ষ বিষয়া।
আদানি ডিফেন্স এণ্ড এৰ’স্পেচৰ তথ্য অনুসৰি ৩৬ ঘণ্টা ধৰি অবিৰতভাৱে উৰণ কৰিব পৰা এই অত্যাধুনিক ড্ৰ’নে ৪৫০ কিলোগ্ৰাম ওজন কঢ়িয়াব পাৰে, ইয়াৰ জৰিয়তে তথ্য সংগ্ৰহ, চোৱাচিতা আৰু পৰিদৰ্শন কৰা হ’ব। যিকোনো বতৰত উৰণ কৰিবলৈ সক্ষম এই ড্ৰ’নখন। হৰি কুমাৰে কয় যে এই ড্ৰ’ন ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ দিশত এক অগ্ৰগতি পদক্ষেপ।

Leave A Reply

Your email address will not be published.