Daily Time Axom

ইম্ফলত অনুষ্ঠিত হোৱা বৈঠকৰ অনুমতি নাপালে ৰাহুল গান্ধীয়ে

0 50

মাত্ৰ চাৰিদিন পিছতে মণিপুৰৰ পৰা আৰম্ভ হৈছে ৰাহুল গান্ধীৰ ভাৰত যোৰো ন্যায় যাত্ৰা। ঠিকেই আছিল, ১৪ জানুৱাৰীত দেশৰ পূব দিশৰ পৰা পশ্চিম দিশলৈ ৰাহুলৰ যাত্ৰা আৰম্ভ হ’ব ইম্ফল চহৰৰ মাজমজিয়াত থকা পেলেচ স্কোৱাৰৰ চৰকাৰী খেলপথাৰত এখন ৰাজহুৱা সভাৰে। কিন্তু বিজেপি শাসিত মণিপুৰ চৰকাৰে আজি ৰাজ্যৰ “আইন-শৃংখলা পৰিস্থিতি”ৰ উদ্ধৃতি দি ৰাজহুৱা সভা অনুষ্ঠিত কৰাৰ অনুৰোধ নাকচ কৰে। মণিপুৰ চৰকাৰে কয় যে ৰাজপ্ৰসাদ চৌহদত কেৱল পতাকা উত্তোলন কৰিব পাৰিব। তাত সীমিত সংখ্যক লোক গোট খাব পাৰে। তেওঁলোকৰ নাম আগতীয়াকৈ জিলা প্ৰশাসনক অৱগত কৰিব লাগে। এই বন্দোবস্তৰ কথা শুনি কংগ্ৰেছে নিজৰ কাৰ্যসূচী ইম্ফলৰ পৰা থৌবাললৈ স্থানান্তৰিত কৰিলে। পতাকা উত্তোলন আৰু যাত্ৰা আৰম্ভ তাৰ পৰাই হ’ব।

Leave A Reply

Your email address will not be published.