ড° দীনবন্ধু দাসৰ কুইজ বিষয়ক গ্ৰন্থ উন্মোচন

হিংসাৰ দ্বাৰা হিংসা নহয়, মহাভাৰতৰ দ্ৰৌপদীৰ কাহিনীৰ পৰা ইয়াৰ শিক্ষা ল’ব পাৰি

পুৰণি শাস্ত্ৰসমূহ জ্ঞানৰ অমূল্য ভঁৰাল ৷ এই শাস্ত্ৰসমূহ অধ্যয়নৰ জৰিয়তে জীৱনৰ এক উচিত শিক্ষা লাভ কৰিব পাৰি। পুৰণি শাস্ত্ৰসমূহৰ চৰিত্ৰৰ বিশ্লেষণৰ জৰিয়তে জীৱনৰ উচিত শিক্ষা পাব পাৰি , অধ্যাপক ড° হৰিনাথ শৰ্মা দলৈৰ এখন বিশেষ গ্ৰন্থত পুৰণি শাস্ত্ৰৰ বিভিন্ন চৰিত্ৰৰ বিশ্লেষণ ব্যক্ত কৰা আছে ৷ হিংসাৰ দ্বাৰা হিংসা নহয় , মহাভাৰতৰ দ্ৰৌপদীৰ কাহিনীৰ পৰা
ইয়াৰ শিক্ষা ল’ব পাৰি ৷ মহাভাৰতৰ দ্ৰৌপদীৰ পঞ্চপুত্ৰ হত্যা কৰাৰ পিচত অৰ্জুনে অশ্বস্থমাক ধৰি বান্ধি আনি দ্ৰৌপদীৰ সন্মুখত যেতিয়া হাজিৰ কৰিছিল তেতিয়া দ্ৰৌপদীয়ে অৰ্জুনক বাৰে বাৰে বাধা দি কৈছিল যে এওঁক হত্যা নকৰিবা ৷ তেওঁ গৌতমীৰ একমাত্ৰ সন্তান ৷ মই যেনেকে পঞ্চপুত্ৰৰ শোকত দগ্ধ হৈছোঁ , ঠিক তেনেকে তেৱোঁ শোকদগ্ধ হ’ব ৷ আদি বক্তব্যৰে আজি মহানগৰৰ চয়মাইলত অৱস্থিত ষ্টুডিঅ’ গ্ৰুম আপত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী সভাত ‘ৰামায়ণ, মহাভাৰত, ভাগৱত আৰু দুজনা গুৰু কুইজ’ শীৰ্ষক গ্ৰন্থখন আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰে অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব কামৰূপ ৰত্ন থানেশ্বৰ মালাকাৰে ৷ লগতে মালাকাৰে এই গ্ৰন্থখনৰ জৰিয়তে নতুন প্ৰজন্মই পুৰণি শাস্ত্ৰ বিষয়ক বহু উল্লেখনীয় বিষয় জ্ঞাত হ’ব বুলি মন্তব্য প্ৰকাশ কৰে ৷ ড° দীনবন্ধু দাসৰ কুইজ সংকলন উদ্বোধনী অনুষ্ঠান এ পি ডি চি এলৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা সুজিত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হয় ৷ উন্মোচনী সভাত প্ৰকাশক ৰক্তিম কুমাৰ দাস, বিশেষ ব্যক্তি মদন চন্দ্ৰ মহন্ত, টিকেন তালুকদাৰ আৰু সাংস্কৃতিক সংগঠক ধনঞ্জয় তালুকদাৰ উপস্থিত থাকে।

AssamAssamese NewsDaily time axomGuwahatiIndiaWorld
Comments (0)
Add Comment