Daily Time Axom

শিৱসাগৰৰ দৰবাফিল্ড সমীপৰ দিখৌ নৈ খনন ভূ-মাফিয়াৰ

0 65

বাৰিষাক লৈ সংকা নৈ পৰীয়া বাসিন্দাৰ, এতিয়া বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে সচেতন মহল

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ ভিন্ন প্ৰান্ততো দিনে-নিশাই অবৈধ খনন চলাইছে ভূ-মাফিয়া চক্ৰই | দিখৌ নদীৰ বুকুতো চলিছে এই ভয়াৱহ খনন | জিলা খনৰ প্ৰায় সমূহ ৰাজহ চক্ৰ অধীনৰ এলেকাকে ধৰি চৰকাৰী ভূমি আৰু জলাশয় সমূহতো JCBৰ জড়িয়তে মাটি খনন কৰি মিনি ডাম্পাৰ, বলেৰ পিক্‌ আপৰ সহযোগত পলস তথা মাটি বিক্ৰী কৰি মুনাফা অৰ্জন কৰি আহিছে ভূ-মাফিয়া চক্ৰ সমূহে | ৰাজহ হেৰাইছে চৰকাৰৰ | চোৰাং চক্ৰ অথবা অবৈধ পলস খননত জড়িত হৈ পৰিছে শিৱসাগৰৰ কেইজনমান স্বয়ম্ভু সংবাদকৰ্মী | গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ক্ষমতাত বলিয়ান হৈ নামি পৰিছে শিৱসাগৰৰ দৰবাফিল্ড সমীপৰ দিখৌ নৈ খননত | সাংবাদিকৰ ভূমিকাক লৈ নীৰৱ দৰ্শক এতিয়া জিলা ৰাজহ চক্ৰ বিষয়া সহ শিৱসাগৰ জিলা আঞ্চলিক বন বিভাগ | বাৰিষাক লৈ সংকা দৰবাফিল্ডস্থ নৈ পৰীয়া বাসিন্দাৰ, এতিয়া বন বিভাগৰ বিৰুদ্ধে ক্ষোভিত সচেতন মহল | অসম নৱ নিৰ্মাণ সেনাৰ সভাপতি দিগন্ত শইকীয়াই সংবাদ-মাধ্যমৰ জড়িয়তে দিখৌত অবৈধ খনন বন্ধ কৰাৰ লগতে ভূ-মাফিয়া চক্ৰৰ সৈতে মিতিৰালি থকা বন বিষয়াক জিলা আয়ুক্ত অথবা ৰাজ্য চৰকাৰে তদন্তৰ আওতালৈ আনি শাস্তি বিহাৰ পোষকতা কৰিছে | ইয়াৰ অন্যথা গণতান্ত্ৰিক প্ৰতিবাদৰ হুংকাৰ অসম নৱ নিৰ্মাণ সেনাৰ |

Leave A Reply

Your email address will not be published.