Daily Time Axom

টেপুৰাম টেৰণ হাইস্কুলৰ প্ৰৱেশদ্বাৰৰ শুভ উন্মোচন

0 64

মহানগৰীৰ চচলত অৱস্থিত টেপুৰাম টেৰণ হাইস্কুলৰ ২৩ গৰাকী প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অৰ্থ সাহায্যত নিৰ্মাণ কৰি উলিওৱা বিদ্যালয়ৰ তোৰণখন আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিদ্যালয় পৰিচালনা আৰু উন্নয়ণ সমিতিৰ সভাপতি অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত আয়ুক্ত সচিব থানেশ্বৰ মালাকাৰে ৷ বিদ্যাঞ্জলী আঁচনিৰ অধীনত ২৩ গৰাকী ছাত্ৰ-ছাত্ৰীৰ হৈ দীপক টেৰণ, ফজনুল হক আৰু বিজয় টেৰণৰ বিশেষ প্ৰচেষ্টাত আগবঢ়োৱা এই মহান দানে বিদ্যালয়খনিক এক নতুন মাত্ৰা প্ৰদান কৰিলে ৷ তোৰণৰ শুভ উদ্বোধন উপলক্ষে ৰামেশ্বৰ দেৱশৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাত উপস্থিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী কেইগৰাকীক ফুলাম গামোছাৰে সম্বৰ্ধনা জনাই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি থানেশ্বৰ মালাকাৰে ৷ উদ্বোধনী ভাষনত মালাকাৰে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ গঠনমূলক কামৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে ৷ সভাত উপস্থিত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অগ্ৰজ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী কেইগৰাকীৰ মহৎ কামৰ অনুকৰণ কৰি ভৱিষ্যতে গঠনমূলক কামত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায় ৷ সভাত বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য পবিত্ৰ কুমাৰ বেজবৰুৱা, বিপুল ছেত্ৰী, প্ৰশান্ত শইকীয়া, ধনঞ্জয় তালুকদাৰ, বিদ্যালয়ৰ প্ৰধান শিক্ষক প্ৰমুখ্যে শিক্ষক-শিক্ষয়িত্ৰীবৃন্দ আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷ বিদ্যালয়ৰ প্ৰধান শিক্ষক দেৱজিৎ দত্তই দাতা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপন কৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ জনায় ।

Leave A Reply

Your email address will not be published.