Daily Time Axom

নাজিৰাৰ বিহুবৰত উত্তপ্ত পৰিস্থিতি

0 52

এইবাৰ ৰাইজ তথা শিল ব্যৱসায়ীৰ পহুখেদা খালে শিৱসাগৰ জিলা বনবিষয়া,পৰিৱহণ বিষয়া।নাজিৰাৰ বিহুবৰত পহুখেদা খালে শিৱসাগৰ জিলা পৰিৱহণ,বনবিষয়াই।

শৈলনগৰী নাজিৰাৰ বিহুবৰত এইবাৰ ৰাইজ তথা শিলব্যৱসায়ীৰ পহুখেদা শিৱসাগৰ জিলা পৰিৱহণ বিষয়া অংগীকাৰ বৰগোহাঁই লগতে বন বিষয়া(DFO) দেৱেন কলিতাক।

বিহু,পূজা আহিলেই শিৱসাগৰ জিলা পৰিৱহণ বিষয়া,বনবিষয়াই মিতৰালি কৰি যিকোনো অচিলাৰে এই সমূহ শিল ভৰ্তি ডাম্পাৰ,ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰিবলৈ নামি পৰে।

আজি ৰাইজ তথা শিল ব্যৱসায়ীৰ ৰোষত পৰে শিৱসাগৰ জিলা পৰিৱহণ বিষয়া অংগীকাৰ বৰগোহাঁই লগতে বন বিষয়া(DFO) দেৱেন কলিতা।নথি পত্ৰ পৰীক্ষা কৰাক লৈ শিল ব্যৱসায়ী তথা ৰাইজৰে সংঘাট হয় পৰিৱহণ বিষয়া গৰাকী অংগীকাৰ বৰগোহাঁইৰ সৈতে।ঘটনা স্থলীত উপস্থিত আছিল শিৱাসাগৰ জিলা বনবিষয়া(DFO)দেৱেন কলিতা।

অৱশেষত ৰাইজে তথা শিলব্যৱসায়ীয়ে পহুখেদা দিয়ে পৰিৱহণ বিষয়া,বনবিষয়া গৰাকীক।ঘটনাস্থলীৰ পলাই পত্ৰং দিয়ে পৰিৱহণ বিষয়া অংগীকাৰ বৰগোহাঁইৰ লগতে শিৱসাগৰ জিলা বনবিষয়া(DFO) দেৱেন কলিতাই।

Leave A Reply

Your email address will not be published.