Daily Time Axom

ব্ৰিটনী স্পিয়াৰ্ছে চিৰদিনৰ বাবে সংগীতৰ জগত এৰিলে নেকি

0 64

নতুন বছৰত বিস্ফোৰণ পপ তাৰকা ব্ৰিটনি স্পিয়াৰ্ছৰ! তেওঁ কেতিয়াও সংগীতৰ জগতখনলৈ ঘূৰি নাহে বুলি ভাবিছিল বহুতেই ! পপষ্টাৰদৰাকীয়ে অহংকাৰৰ বাবেই এনে সিদ্ধান্ত লৈছিল?
শেহতীয়াকৈ আমেৰিকাৰ সংবাদ মাধ্যমৰ সূত্ৰই প্ৰকাশ কৰিছে যে ব্ৰিটনী স্পিয়াৰ্ছে তেওঁৰ দশম ষ্টুডিঅ’ এলবামৰ বাবে গীতিকাৰ বিচাৰিছে। সেই জল্পনা-কল্পনাৰ ওপৰত ছীল মাৰি শিল্পীগৰাকীয়ে কয় যে তেওঁ কেতিয়াও সংগীত জগতলৈ ঘূৰি নাহে। ব্ৰিটনীৰ ভাষাত “”বেছিভাগ খবৰ আৱৰ্জনা। গতিকে স্পষ্টকৈ ক’বলৈ গ’লে মই সংগীতৰ জগতখনলৈ ঘূৰি অহা নাই। “”
আনন্দ, মজা আৰু মনোৰঞ্জনৰ বাবে যোৱা ২ বছৰত ২০টা গীত ৰচনা কৰিছে শিল্পীগৰাকীয়ে। সেই প্ৰসংগত তেওঁ কৈছিল যে তেওঁৰ লেখাটো ভূতৰ দৰে। আৰু ইমান অদ্ভুত ধৰণে গীত লিখি তেওঁ ভাল পায়। সূত্ৰ অনুসৰি শিল্পীগৰাকীৰ জীৱনত বহু পৰিৱৰ্তন হৈছে।
খবৰটো বিয়পি পৰাৰ লগে লগে অনুৰাগীসকল বিচলিত হৈ পৰিছে। বহুতে ভাবে যে এনে হ’ব নোৱাৰে। শিল্পীগৰাকীৰ কথা অনুৰাগীসকলে যেন মানি ল’ব নোৱাৰে যে “বেবী ৱান ম’ৰ টাইম” ভৱিষ্যতে সঁচাকৈয়ে কেতিয়াও সংগীত জগতলৈ ঘূৰি নাহে।

Leave A Reply

Your email address will not be published.