অসমৰ প্ৰথম গৰাকী ভাষা শ্বহীদ অনিল বৰাৰ স্মৃতি তিনিদিনীয়াকৈ আৰম্ভ হৈছে সোনালী জয়ন্তী উৎসৱ

অসমৰ প্ৰথম গৰাকী ভাষা শ্বহীদ অনিল বৰাৰ স্মৃতি যোগমীয়া কৰাৰ স্বাৰ্থত মৰিগাঁৱৰ নটুৱাগাঁৱত ১৯৭৩ চনত স্থাপিত হোৱা অনিল বৰা স্মৃতি যুৱক সংঘ‌ৰ আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে সোনালী জয়ন্তী উৎসৱ। তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে পতাকা উত্তোলন কৰি প্ৰথম দিনাৰ কাৰ্যসূচী শুভাৰম্ভ কৰাৰ লগতে ভাষা শ্বহীদ গৰাকীৰ আৱক্ষ মূৰ্তি উন্মোচন কৰে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাই। আনহাতে আদৰণি সমিতিৰ সভাপতি তথা মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে স্মৃতি তৰ্পণ কৰি কাৰ্যসূচীত উপস্থিত থাকে শ্বহীদ গৰাকীৰ কনিষ্ঠ ভাতৃ অপূৰ্ব বৰা ভাস্কৰ্য শিল্পী জিতু বিকাশ দাস সমন্নিতে উদযাপন সমিতিৰ বিষয়ববীয়া সকল উপস্থিত আছিল।

AssamAssamese NewsDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment