জুৰীয়াৰ তেলিয়া বেবেজীয়া পথাৰত ভূমি কেন্দ্ৰিক সংঘাত, পুৰুষ মহিলা সহ আহত পাঁচ

জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত তেলিয়া বেবেজীয়া পথাৰ গাঁৱত দীৰ্ঘদিন ধৰি চলি আহিছে এক ভূমি কেন্দ্ৰিক সংঘাত।
এডোখৰ ভূমিক লৈ তেলিয়া বেবেজীয়াত পথাৰত দুই ফৈদৰ মাজত সৃষ্টি হৈছে এই সংঘাতৰ।
নাছিৰ উদ্দিনৰ নেতৃত্বত এটি দলে তেলিয়া বেবেজীয়া পথাৰত চলাই গৈছিল এই ভূমি কেন্দ্ৰিক সংঘাতৰ। ভূমি কেন্দ্ৰিক সংঘাতৰ সম্পূৰ্ণ দৃশ্য অন কেমেৰাত আবদ্ধ কৰিলে ভুক্তভোগী আকলিমা বেগমৰ পৰিয়ালৰ লোকে।
নাছিৰ উদ্দিনৰ নেতৃত্বত এটি দলে আকলিমা বেগমৰ পৰিয়ালৰ লোকক মাৰপিট কৰাৰ লগতে থকা ঘৰ, গোহালি আৰু শৌচালয় ভাঙি দিয়াৰ দৃশ্য কেমেৰাত আবদ্ধ হৈছে।
এই মাৰপিটৰ ফলত আকলিমা বেগমৰ পৰিয়ালৰ ৫ জনকৈ লোক আহত হয়। আহত কেইজনক দগাওঁ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নিয়া হয় যদিও প্ৰাথমিক চিকিৎসাৰ পাছত ঘৰলৈ যাবলৈ দিয়ে। উল্লেখযোগ্য যে আকলিমা বেগমৰ পৈতিক সম্পত্তি নাছিৰ উদ্দিন, ওৱাছিম, আনাৰুল, গিয়াছউদ্দিন, আৰু আলী হুছেইনে বেদখলৰ চেষ্টা চলোৱাৰ লগতে মাৰপিট কৰাৰ অভিযোগ। ইতিমধ্যে নাছিৰ উদ্দিন, ওৱাছিম, আনাৰুল, গিয়াছউদ্দিন, আৰু আলী হুছেইনৰ বিৰুদ্ধে জুৰীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে আকলিমা বেগমৰ পৰিয়ালে।

Assamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment