২ দিনীয়া ভাৰত ভ্ৰমণত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি

দুদিনীয়া ভাৰত ভ্ৰমণত ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন।বৃহস্পতিবাৰে ৰাজস্থানৰ জয়পুৰত উপস্থিত হয় ফ্ৰান্সৰ ৰাষ্ট্ৰপতি।এইবাৰ দিল্লীত গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে তেওঁ।
বৃহস্পতিবাৰে খোজকাঢ়ি জয়পুৰৰ এম্বাৰ দুৰ্গ পৰিদৰ্শন কৰিব মেক্ৰনে। ইয়াৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক যন্তৰমন্তৰত সাক্ষাৎ কৰিব। যন্তৰমন্তৰৰ পৰা মোডী আৰু মেক্ৰনৰ ৰোড শ্ব’ হ’ব। নতুন দিল্লী-পেৰিছ দ্বিপাক্ষিক সহযোগিতাৰ সন্দৰ্ভত আজি বিয়লি মোডীৰ সৈতে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ বৈঠক। দ্বিপাক্ষিক বৈঠকৰ অন্তত সন্ধিয়া ৫ বজাৰ পিছত সংবাদমেল অনুষ্ঠিত কৰিব।
শুকুৰবাৰে নতুন দিল্লীৰ ‘ডিউটি ​​পাথ’ পেৰেডত উপস্থিত থাকিব ফ্ৰান্সৰ ৰাষ্ট্ৰপতি মেক্ৰন।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment