সৰুপথাৰৰ পাৰ্শ্বৱৰ্তী নগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষী থানাৰ অন্তৰ্গত লিফি বস্তিৰ ৰংখাং নামৰ ঠাইত অৱস্থিত কয়লাখনিত এক ভয়ংকৰ ঘটনা সংঘটিত হয়। উক্ত অঞ্চলটোত অবৈধভাৱে গঢ়ি উঠা এটা কয়লাখনিত কয়লা খনন কৰি থকা অৱস্থাত বিষাক্ত গেছ আৰু জুই নিৰ্গত হৈ থিতাতে নিহত হয় ৬ জন আৰু ডিমাপুৰৰ হস্পিটেলত মৃত্যুবৰণ কৰে এজন শ্ৰমিকে। লগতে গুৰুতৰভাৱে আহত হৈছে আন তিনিজন শ্ৰমিক। মৃত শ্ৰমিক কেইজন ক্ৰমে মজিবুৰ আলি,কমল ছেত্ৰী, বিশাল থাপা,দলবাহাদুৰ ছেত্ৰী, খৰ্কবাহাদুৰ ছেত্ৰী আৰু বিক্ৰম ৰায় । আনহাতে নিহত শ্ৰমিকৰে ঘৰ সৰুপথাৰৰ উৰিয়ামঘাট আৰক্ষীথানাৰ অন্তৰ্গত অসম নগালেণ্ড সীমান্তৰ সো়নাপুৰ গাঁৱত । বৰ্তমানে আহত তিনিজন শ্ৰমিককে সংকটজনক অৱস্থাত ইতিমধ্যে নাগালেণ্ডৰ ডিমাপুৰস্থিত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । চিকিৎসাধীন হৈ থকা লোক কেইজন হৈছে ৰমেশ ছেত্ৰী,চাজন ছেত্ৰী আৰু সন্তোষ ছেত্ৰী। অঞ্চলটোত অবৈধ ভাৱে স্থাপন কৰা কয়লাখনিটো বন্ধ কৰিবৰ বাবে নাগালেণ্ডৰ ভাণ্ডাৰী আৰক্ষীয়ে কেইবাবাৰো সকিয়নী প্ৰদান কৰিছিল যদিও আৰক্ষীৰ বাধা নামানি অবৈধ কয়লাখনিকো বিপদজনক ভাৱে চলাই আছিল অসাধু কয়লা ব্যৱসায়ী চক্ৰই। যাৰ পৰিপ্ৰেক্ষিতত এই ভয়ংকৰ দূৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে । ইফালে পৰিয়ালৰ লোকৰ সহযোগত কয়লাখনিটোৰ পৰা নিশাই মৃতদেহ কেইটা উৰিয়ামঘাটৰ সোণাপুৰস্থিত নিজা বাসগৃহলৈ লৈ অনাৰ পাছতেই কন্দোনৰ ৰোল উঠে পৰিয়ালৰ লোকৰ মাজত।