Daily Time Axom

আচামীক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ

0 52

আচামীক ধৰিবলৈ যোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ।

এই ঘটনা ফকিৰগঞ্জ আৰক্ষী থানাৰ অধিনত ন থকা বন্দিহানা উপ আৰক্ষী চকীৰ অন্তৰ্গত চিৰাখোৱা পঞ্চম খণ্ড গাঁৱৰ।

ওৱাৰেণ্ডৰ আচামী ধৰিবলৈ গৈ আক্ৰমণৰ বলি হ’ল বন্দিহানা উপ আৰক্ষী চকীৰ তিনিজনকৈ আৰক্ষী আৰু এগৰাকী কনিষ্টবল।
জানিব পৰা মতে চিৰাখোৱা পঞ্চম খণ্ড গাঁৱৰ আব্দুল লতিফৰ পুত্ৰ আলা উদ্দিন উপৰত ফকিৰগঞ্জ আৰক্ষী থানাত 147/447/336/323/354/149 IPC ধাৰাত এখন কেচ ৰজু হৈছিল 2014 চনত।

উক্ত কেচৰ ওৱাৰেণ্ড হয়।

শুকুৰবাৰে আবেলি নুৰ মুহাম্মাদ নামৰ আৰক্ষী জনে তিনিজন সহকাৰীক লগত লৈ আলাউদ্দিনক আটক কৰিবলৈ গৈছিল।
আলাউদ্দিনক আটক কৰি উভতাৰ পথত আলাউদ্দিনৰ পক্ষ্যৰ প্ৰায় দুই শতাধিক লোকে আৰক্ষীক আক্ৰমণ কৰি আলাউদ্দিনক আৰক্ষীৰ হাতৰ পৰা বলপূৰ্বক বাবে কাঢ়ি লৈ যায় আৰু তিনিজনকৈ আৰক্ষীক আক্ৰমণ কৰি আহত কৰে।

ইতিমধ্যে আক্ৰমণ কাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে নিজা ভবীয়া কৈ কেচ ৰজু কৰে বুলি আমাক জানিব দিয়ে।
আক্ৰমণ কাৰীৰ বিৰুদ্ধে অসমৰ গৃহ বিভাগে কেনে পদক্ষেপ গ্ৰহণ কৰে সেয়া সময়ত হব লক্ষ্যণীয় ।

Leave A Reply

Your email address will not be published.