কচুৱাৰ ৰজাগাঁৱত গণৰাজ্য দিৱস উপলক্ষে সম্বৰ্ধনা অনুষ্ঠান

গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি শুকুৰবাৰে নগাঁও জিলাৰ কচুৱাৰ ৰজাগাঁও যুৱ দৰ্শন ক্লাৱে উত্তৰ আমেৰী কংগ্ৰেছ ফিল্ডত দিনজোৰা কাৰ্যসূচীৰে ক্ৰীড়া আৰু সাংস্কৃতিক সমাৰোহ উদযাপনৰ লগতে অঞ্চলটোৰ বহু শিক্ষাবিদ আৰু সমাজ সেৱকক সম্বৰ্ধনা জনায় ৷ সেই উপলক্ষে পুৱা পতাকা উত্তোলন ,চিত্ৰাংকন প্ৰতিযোগিতা , বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীৰ মাজত বিভিন্ন খেল ধেমালি ,কুইজ ,কবিতা আবৃত্তি ,আকস্মিক বক্তৃতা ,ছদ্মবেশ  আৰু আধুনিক সংগীত প্ৰতিযোগিতা অনুষ্ঠিত কৰে ৷ বিয়লি সংস্থাটোৰ সভাপতি অৰবিন্দ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য ব্যাখ্য কৰে সম্পাদক গোপাল গোৱালাই ৷ মিহিৰ ধৰে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত শিঙিমাৰী অঞ্চলটোৰ প্ৰবীণ শিক্ষাবিদ সুহাষ দে , চিকিৎসক ডা: সূত্ৰধৰ , সদ্য ঘোষিত এপিএচচিত উজলি উঠা পুঠিমাৰীৰ বিটু বৈশ্যকে আদিকৰি বহু কৃতি ছাত্ৰ আৰু বিশিষ্ট ব্যক্তি সকলক সম্বৰ্ধনা জনায় ৷ মুকলি সভাত প্ৰবীণ খেল পৰিচালক নবেন্দু চন্দ , অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী স্বাগতা ভট্টাচাৰ্য , প্ৰণৱ দাস  ,শিক্ষক মানিক দে ,পৰিতোষ কুমাৰ বিশ্বাস  , সৰজু বৰা , বিআৰচিচি ৰতন দাস , সমাজ সেৱক মদন চুব্বা , অনুকুল দাস , শিবাংকৰ ভৌমিক  আৰু জ্যেষ্ঠ সাংবাদিক বাহাৰুল ইছলামকে আদিকৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ৷

AssamAssamese NewsDaily time axomGuwahatiIndia
Comments (0)
Add Comment