ইউনাইটেড ডেন্স ষ্টুডিঅ’ৰ উদ্যোগত বাইহাটা চাৰিআলিস্থিত ইউনাইটেড ডেন্স ষ্টুডিঅ’ত United Fashion Week 2024 Session 1 নামেৰে এক Fashion show অনুষ্ঠিত কৰা হয়।
ইউনাইটেড ডেন্স ষ্টুডিঅ’ৰ স্বত্তাধিকাৰী কংকন ডেকা আৰু পিংকি আৰ্টিষ্টি মেকআপ ষ্টুডিঅৰ স্বত্বাধিকাৰী পিংকি বেগমে জানিবলৈ দিয়া মতে বিভিন্ন ঠাইৰ পৰা প্ৰতিযোগীয়ে আহি সৌন্দৰ্য্য চৰ্চা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে,নিজৰ প্ৰতিভা দাঙি ধৰিছে।
সন্ধিয়া আৰম্ভ হোৱা প্ৰতিযোগিতাখনিত উপস্থিত থাকে বিশিষ্ট অভিনেতা,পৰিচালনক ইন্দ্ৰজিৎ কাকতি,অভিনেত্ৰী মডেল অৰুন্ধতী শৰ্মা, মডেল আছিছ গাজমিৰ ৰ লগতে স্থানীয় ৰাইজ তথা অভিভাৱক -অভিভাৱিকা সকল।
প্ৰতিযোগিতাখনিত Miss খিতাপ অনিন্দিতা আৰু Mr খিতাপ ময়ুস প্ৰতিম চহৰীয়াই লাভ কৰিবলৈ সক্ষম হয় ।