নলবাৰী জিলাৰ মুকালমুৱাৰ সোনাপুৱা যুৱক সংঘৰ উদ্যোগত, মুকালমুৱা নিউ লাইফ ফাউণ্ডেচন আৰু ‘গংগা যমুনা এগ্ৰো ৰিজোৰ্ট’ৰ সহযোগত প্ৰথমবাৰৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতা।
সোনাপুৱা যুৱক সংঘৰ উদ্যোগত ১১,১২, ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া দিবা নৈশ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ হিচাপে থাকিব ২৫,০০১ টকা আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে থাকিব ১৫,০০১ টকা ।সেয়েহে এই খেলত অংশগ্ৰহণ কৰিবলৈ লগতে ক্ৰীড়া প্ৰেমী ৰাইজক খেল উপভোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাই ।এই খেলত অন্তৰ্ভুক্ত হ’ব বিছাৰিলে ৭০০২৩৯২১৪ নম্বৰত যোগাযোগ কৰিব পাৰিব ।