অসম সাংস্কৃতিক মহাসংগ্ৰাম-২৪ ৰ চূড়ান্ত প্ৰতিযোগিতাত সৰভোগৰ সফলতা

দলীয় বিহু নৃত্যৰ ১২-১৮ বছৰ শিতানত তানিছা নাছৰিন এণ্ড গ্ৰুপ তৃতীয় আৰু ১৯-২৪ বছৰ শিতানত প্ৰিয়ংকা ৰায় এণ্ড গ্ৰুপে তৃতীয় স্থান লাভ কৰে।

অসম সাংস্কৃতিক মহাসংগ্ৰাম ২০২৩-২৪ ত জ্যোতি সংগীত,বিষ্ণুৰাভা সংগীত,ভূপেন্দ্ৰ সংগীত আৰু ৰবীন্দ্ৰ সংগীতৰ লগতে দলীয় বিহুনৃত্য আৰু অসমৰ লোকনৃত্য(দলীয়)ৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছিল,চলিত ফেব্ৰুৱাৰী মাহৰ ৮ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,পঞ্চায়ত তথা গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস,সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা সহ কেইবাজনো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত ৰাজ্যিক পৰ্যায়ৰ চুড়ান্ত প্ৰতিযোগিতাৰ বিভিন্ন শাখাৰ বিভিন্ন শিতানত শীৰ্ষ স্থান পোৱা সকলক পুৰষ্কাৰ প্ৰদান কৰে৷
অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৰা আয়োজিত এই অসম সাংস্কৃতিক মহাসংগ্ৰামৰ দলীয় বিহু নৃত্যত বৰপেটা জিলাৰ সৰভোগৰ তানিছা নাছৰিন এণ্ড গ্ৰুপে ১২-১৮ বছৰ শিতান(ক শাখা)ত তৃতীয় পুৰস্কাৰ আৰু ১৯-২৪ বছৰ শিতান(খ শাখা)ত প্ৰিয়ংকা ৰায় এণ্ড গ্ৰুপে তৃতীয় স্থান পাবলৈ সক্ষম হয়,মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতেৰে পুৰস্কাৰ সমূহ গ্ৰহণ কৰে,আনফালে তানিছা নাছৰিন এণ্ড দলটোয়ে পম্পী নাথ(PDA) আৰু প্ৰিয়ংকা ৰায় এণ্ড দলটোয়ে জুনু তালুকদাৰ(ECP)ৰ তত্ত্বাৱধান তথা প্ৰশিক্ষণত সাংস্কৃতিক মহাসংগ্ৰামলৈ গৈছিল৷

সৰভোগৰ পৰা ছহিজুল আলিৰ ৰিপ’ৰ্ট

AssamAssamese NewsDaily time axomGuwahatiIndiaInternationalNew Delhi
Comments (0)
Add Comment