নিশা ৰূপহীহাটত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত হতাহতি

হাতীপাৰাত আৰক্ষী আৰু ড্ৰাগছ মাফিয়াৰ মাজত সংঘটিত হয় হতাহতিৰ ঘটনা।

ড্ৰাগছ মাফিয়াৰ আক্ৰমণত গুৰুতৰ বাবে আহত তিনিজনকৈ আৰক্ষী জোৱান।

গুৰুতৰ বাবে আহত হয় ৰূপহীহাট আৰক্ষী থানাৰ উপ পৰিদৰ্শক দীপাংকৰ চেতিয়া সহ দুই আৰক্ষী জোৱান।

আঁহত আৰক্ষী সকলক ৰূপহী মডেল হস্পিটালত ভৰ্তি কৰোৱা হয়।

আৰক্ষীয়ে খেদি খেদি আটক কৰে সাতজনকৈ ড্ৰাগছ মাফিয়াক।

আটকাধিন ড্ৰাগছ মাফিয়া কেইটা ছাদিকুল ইছলাম, ৰিয়াজুল ইছলাম, হৰমুজ আলী, কিতাব আলী, মজিবুৰ ৰহমান, মুজাহিদল ইছলাম আৰু নুৰ হুছেইন।

জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট।

AssamDaily time axomGuwahatiIndiaInternational
Comments (0)
Add Comment