আৰক্ষীৰ অভিযানত আটক ড্ৰাগছ মাফিয়া।
এক নিশ্চিত গোপন সূত্ৰৰ ভিত্তিত জুৰীয়া আৰক্ষী থানাৰ পৰিদৰ্শক তনুজ মাইবংচাৰ নেতৃত্বত আৰক্ষী এটি দলে জুৰীয়াৰ কদমণি টাউনত অভিযান চলাই আটক কৰে এটা ড্ৰগছ সৰবৰাহকাৰীক।
আটককৃত ড্ৰাগছ সৰবৰাহকাৰীটো কদমণি টাউনৰ ইৰসাদ হুছেইন বুলি জানিব পৰা গৈছে।
ধৃত ড্ৰাগছ সৰবৰাহকাৰীৰ জিম্মাৰ পৰা জুৰীয়া আৰক্ষীয়ে দুটা ছাদাৰ টেমা আৰু তিনিটা কন্টেইনাৰ বৰ্ত্তি সন্দেহযুক্ত নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়।
দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহকাৰী ইৰসাদ হুছেইনে জুৰীয়াৰ বিভিন্ন এলেকাত চলাই গৈছিল অবৈধ ড্ৰাগছৰ ৰমৰমীয়া ব্যবসায়।
আজি ড্ৰাগছ সৰবৰাহকাৰী ইৰসাদ হুছেইনক জেল হাজোত লৈ প্ৰেৰণ কৰে জুৰীয়া আৰক্ষীয়ে।
জুৰীয়াৰ পৰা নাজিম উদ্দিনৰ ৰিপ’ৰ্ট।