মাৰ্ঘেৰিটা দিহিং নৈত কলহত পানী ভৰাবলৈ পাঁচ শতাধিকভক্তৰ লগতে অংশগ্ৰহণ ভাগৱত বাখ্যাকাৰ বৃন্দাবনৰ বিষ্ণু ধুংগেলৰ
ডিগৱৈৰ লক্ষীপথাৰত আঠ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈ আছে শ্ৰীমদ ভাগৱত জ্ঞান যজ্ঞ ৷ লক্ষীপথাৰৰ মাজগাঁও নেপালী গাঁৱত ভূজেল সম্প্ৰদায়ৰ লোক সকলে মৃতক সকলৰ আত্মাৰ সৎগতি বিছাৰি আৰু দেশ তথা ৰাজ্য খনৰ শান্তিৰ বাৱে আঠ দিনিয়া শ্ৰীমদ্ ভাগৱত জ্ঞান যজ্ঞৰ আয়োজন কৰিছে।তদুপলক্ষে আজি প্ৰথম দিনা ভূজেল সম্প্ৰদায়ৰ লোক সকলে মাৰ্ঘেৰিটাৰ দিহিং নৈৰ পাৰত একত্ৰিত হৈ পূজা কৰে আৰু কলহত পানী ভৰাই পুনৰ লক্ষীপথাৰ অভিমুখী হয়। সেই সময়ত সমগ্ৰ অঞ্চলটো ৰাধে ৰাধে ধ্বনিৰে মুখৰিত হয়। উক্ত কৰ্যসূচীত উপস্থিত থাকে বৃন্দাবনৰ পৰা আমত্ৰিত মূখ্য ব্যখ্যাকাৰ পণ্ডিত বিষ্ণু ধুংগেল।
মাৰ্ঘেৰিটাৰ পৰা প্ৰতীক ছেত্ৰীৰ ৰিপৰ্ট